গুৱাহাটীৰ খানাপাৰাত সোমবাৰে অনুষ্ঠিত হোৱা প’ষ্ট মেলনৰ সংগীতানুষ্ঠানত বিদেশী পৰ্যটকে হাৰাশাস্তি পোৱা বুলি কৰা অভিযোগ সন্দৰ্ভত বুধবাৰে মহানগৰ আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে।আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদমেল সম্বোধন কৰি কয়,আমি আজি ইনষ্টাগ্ৰামত এটা ৰিল দেখা পাওঁ যত এগৰাকী মহিলাই প’ষ্ট মেলনৰ কনচাৰ্টৰ সময়ত তেওঁৰ লগত হাৰাশাস্তি হোৱা বুলি অভিযোগ কৰিছে। এই বিষয়টোৰ সন্দৰ্ভত আমি কিছু কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ।পষ্ট মেলনৰ কনচাৰ্টৰ দিনা আমাৰ যথেষ্ট সংখ্যক আৰক্ষী নিয়োজিত হৈ আছিল।লগতে বুক মাই শ্ব’লাইভৰ ছিকিউৰিটী আছিল।যেতিয়া আমি গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিলোঁ,তেতীয়া দেখিলো সেইদিনা আমাৰ আৰক্ষীয়ে কোনো অভিযোগ পোৱা নাই।বুক মাই শ্ব’ৰ লগত কথা পাতোতে তেওঁলোকেও কোনো অভিযোগ পোৱা নাই বুলি জনাইছে।আমি গোটেই অনুষ্ঠানটো সুন্দৰকৈ পৰিকল্পনা কৰিছোলোঁ।কৰবাত কিবা অভিযোগ তথা অসুবিধা হ’লে লগে লগে ব্যৱস্হা গ্ৰহণ কৰাৰ বাবে উদ্যোগ লোৱা হৈছিল।যথেষ্ট প্লেনিং কৰা হৈছিল আৰু যাৰ বাবে আমি কোনো অভিযোগ পোৱা নাছিলো।‘’
তেওঁ লগতে কয়,আজি পোষ্টতো দেখা পাই আমি দুয়োগৰাকী যুৱতীৰে টুইটাৰ হেণ্ডলত গৈ মেছেজ কৰিলোঁ যে কিবা অসুবিধা থাকিলে জনাব লাগে কিন্ত এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ পোৱা নাই ।আমি ক’ব বিচাৰো যে কিবা থাকিলে আমাৰ লগত যোগাযোগ কৰক মোৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰিব।
উল্লেখ্য যে পষ্ট মেলনৰ সংগীতানুষ্ঠানৰ দিনা হাৰাশাস্তি পোৱা বুলি সামাজিক মাধ্যমত এগৰাকী বিদেশী মহিলাই অভিযোগ কৰিছিল।সামাজিক মাধ্যমত ভাইৰেল হোৱা বিদেশী মহিলাগৰাকীৰ অভিযোগক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে মহানগৰ আৰক্ষীয়ে।অৱশ্য এতিয়ালৈকে মহিলাগৰাকীয়ে আৰক্ষীক কোনো ধৰণৰ অভিযোগ দিয়া নাই।কিবা অভিয়োগ থাকিলে সহায় কৰাৰ বাবে সাজু আছে অসম আৰক্ষী।সংবাদমেলত ডিচিপি মৃণাল ডেকাও উপস্হিত থাকে।