কেবিনেট বৈঠকৰ পিছত এইবাৰ বিধানসভাৰ অধিৱেশন ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰসাৰিত কৰা হ’ব।এতিয়াৰ পৰা কেৱল দিছপুৰতে সীমাবদ্ধ হৈ নাথাকিব বিধানসভাৰ অধিৱেশন
উল্লেখ্য যে এতিয়াৰ পৰা বিধানসভাক ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে বিভিন্ন জিলাত অনুষ্ঠিত কৰা হ’ব অসম বিধানসভাৰ অধিৱেশন। ইয়াৰ সমান্তৰালকৈ অসম বিধানসভাৰ পৰৰ্ৱতী বিশেষ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰা হ’ব।
এই সন্দৰ্ভত বাজেট অধিৱেশনৰ অন্তিমটো দিনত বিধানসভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদৰি কৰে যে, বিধানসভাৰ কাম-কাজ ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে বিধানসভাৰ অধিৱেশন অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে।
সেই অনুসৰি আগন্তুক বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হ’ব কোকৰাঝাৰত ।আৰু এই সিদ্ধান্তত সঁহাৰী জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।