ইউনুছ আলী, ২৭ অক্টোবৰঃআই পি এল ত অন্তৰ্ভুক্ত হ’ল দুটাকৈ নতুন দলৰ। লক্ষ্ণৌ আৰু আহমেদাবাদকে ধৰি আই পি এল ত মুঠ দলৰ সংখ্যা ১০টালৈ বৃদ্ধি । নতুনকৈ ঘোষণা কৰা দল দুটাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু গুজৰাটৰ আহমেদাবাদক প্ৰতিনিধিত্ব কৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। দুয়োটা নতুন আই পি এল দলে ২০২২ চনৰ আই পি এল ত অংশগ্ৰহণ কৰিব। CVC কেপিটেললৈ আহমেদাবাদ দল আৰু RPSG গ্ৰুপে লাভ কৰিব লক্ষ্ণৌদলৰ স্বত্ত্বাধিকাৰ। আহমেদাবাদ আৰু আই পি এল ত অন্তৰ্ভুক্ত নতুন দুই দল লক্ষ্ণৌ আৰু আহমেদাবাদক লৈ গঠিত ফ্ৰেঞ্চাইজি দুটা ক্ৰমে ৫২০০কোটি টকা আৰু ৭২০০কোটি টকাৰ বিনিময়ত ক্ৰয় কৰে।