পৰীক্ষাৰ নম্বৰে জীৱনৰ সৰ্বস্ব নহয় ।কিয়নো দশম আৰু দ্বাদশ বৰ্ডৰ পৰীক্ষাত পোৱা নম্বৰবোৰে আপোনাৰ সফলতা আৰু সামৰ্থ্য নিৰ্ধাৰণ নকৰে ।আনকি আপুনি স্কুল বা কলেজীয়া জীৱনত যদিহে এগৰাকী তীক্ষ্ণ ছাত্ৰ বা ছাত্ৰী আছিলে , তেতিয়া হয়তো আপুনি উচ্চতাৰ শীৰ্ষস্থান স্পৰ্শ কৰিব পাৰে ।পিছে এনে এক পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ এগৰাকী IAS বিষয়া খুবেই চৰ্চিত হৈ পৰিছে সামাজিক মাধ্যমত ।এই আই এ এছ বিষয়াগৰাকী হৈছে অৱনীল শৰণ ।আই এ এছ বিষয়া অৱনীল শৰণে শ্বেয়াৰ কৰা তেওঁৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীতে এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলক যথেষ্ট অনুপ্ৰাণিত কৰিব । ২৬ বছৰ আগতে বিহাৰ বৰ্ডৰ এই মাৰ্কশ্বীত অনুসৰি অৱনীশে ৭০০ ৰ ভিতৰত মাত্ৰ ৩১৪ নম্বৰেৰে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল । অংকত তেওঁ বিফল হৈ হৈ পাছ কৰিছিলে । দশম শ্ৰেণীত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা স্বত্বেও অৱনীশে ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এজন আই এ এছ বিষয়া হয় ।
তদুপৰি বিহাৰত বাস কৰা এই আই এ এছ বিষয়াগৰাকীৰ মাৰ্কশ্বীত দেখি সামাজিক মাধ্যমত হতভম্ব হৈ পৰিছে সকলো ।লগতে, সামাজিক মাধ্যমত ব্যৱহাৰকাৰীসকলে এই মাৰ্কশ্বীতখন দশম অথবা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা অতি শিক্ষণীয় বিষয় বুলি বৰ্ণনা কৰিছে । মাৰ্কশ্বীতখন দেখি এগৰাকীয়ে এনেদৰে লিখিছিল যে – ‘ এইটোৱে প্ৰমাণ কৰে যে ডিগ্ৰীটো কেৱল কাগজৰহে টুকুৰা’ । আকৌ আন এগৰাকীয়ে লিখিছিল যে ‘এইটোৱে প্ৰমাণ কৰে যে একো অসম্ভৱ নহয় । মই আপোনাৰ মাৰ্কশ্বীতৰ দ্বাৰা বহুখিনি অনুপ্ৰাণিত হৈছো । মাৰ্কশ্বীতখনে দেখুৱাইছে যে শিক্ষাৰ্থীসকলে ৯০ শতাংশ নম্বৰৰ ফালে আগবাঢ়িব নালাগে কিন্তু জীৱনত তেওঁলোকৰ লক্ষ্যৰ ফালেহে আগবাঢ়িব লাগে’ ।