উচ্চতম ন্য়ায়লয়ে নাকচ কৰিলে এক বিশেষ আবেদন । ভাৰতৰ ৰাষ্টীয় জন্তু হব নোৱাৰে গৰু । একাংশ দল সংগঠনে গৰুক ৰাষ্টীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ এক বিশেষ আবেদন যোগে চৰকাৰক নিৰ্দেশ দিছিল ।
গৰুক ভাৰতত সুৰক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আবেদন দাখিল কৰিছিল একাংশ সংগঠনে । আৰু এই আবেদন অগ্ৰাহ্য় কৰে ন্য়ায়ধীশ এচ কে কৌলৰ নেতৃত্বৰ বিচাৰপীঠে । বিচাৰপীঠ গৰাকীয়ে মন্তব্য় কৰে যে ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাটো আদালতৰ কাম নহয় ।
কিন্তু ” ভাৰতৰ বাবে গৰু সুৰক্ষাৰ অতি গুৰুত্বপূ্ৰ্ণ । বহু কামত গৰুৰ প্ৰস্বাৱ ব্য়ৱহাৰ কৰা হয় , গোবৰো কৃষিৰ বাবে বহু গুণে উপযোগী । গৰুবোৰ সুৰক্ষিত কৰিব লাগে । “
আনহাতে ৰাষ্টীয় জন্তু ঘোষণা কৰা আৰু গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃতি দিয়াটো আদালতৰ কাম নহয় বুলি বিচাৰপীঠ গৰাকীয়ে মন্তব্য় কৰে ।