গুণো९সৱ ২০২৪ৰ বাবে সাজু ৰাজ্যৰ শিক্ষা বিভাগ

Share
গুৱাহাটী, ১৩ ডিচেম্বৰঃ ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব গুণো९সৱ ।২০২৪ চনৰ এই গুণো९সৱৰ বাবে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। অহা ৩ জানুৱাৰীৰ পৰা মুঠ ৩টা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া উক্ত গুণো९সৱে সামৰি লব ৰাজ্যৰ ৩৫খন জিলাৰ ৪৩৪৯৮খন বিদ্যালয়ৰ ৩৯.৬৩ লাখ শিক্ষাৰ্থীক।এই গুণো९সৱে চৰকাৰী, প্ৰাদেশীকৃত, আদৰ্শ আৰু বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহক সামৰি লোৱাৰ সমান্তৰালভাৱে চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহকো ইয়াৰ অন্তৰ্ভুক্ত কৰিছে।

গুণো९সৱ ২০২৪ৰ প্ৰথমটো পৰ্যায় ৩ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ৬ জানুৱাৰীলৈ ১২খন জিলা ক্ৰমে বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বিআংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাওঁ, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ আৰু ওদালগুৰিত অনুষ্ঠিত হব। আনহাতে, দ্বিতীয়টো পৰ্যায় ৯ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ১২জানুৱাৰীলৈ বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজী, ধুবুৰী, গোলাঘাট, যোৰহাটকে ধৰি মুঠ ১৩খন জিলাত অনুষ্ঠিত হব । ঠিক একেদৰেই, গুণো९সৱৰ তৃতীয়টো পৰ্যায় ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈ ৮ ফেব্ৰুৱাৰীত অন্ত পৰিব আৰু ই বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাওঁ, মাজুলী আদিকে ধৰি ১০খন জিলা সামৰি লব।উল্লেখযোগ্য যে, অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি অহা গুণো९সৱত বিদ্যালয়ৰ বহিঃনিৰীক্ষণকাৰী হিচাপে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকল, মুখ্য সচিবকে ধৰি সকলো আই পি এছ, আই এ ছ আৰু প্ৰথম-দ্বিতীয় শ্ৰেণীৰ আন আন বিষয়াসকলে শিক্ষানুষ্ঠানসমূহৰ মান মূল্যায়ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *