শিৱসাগৰত বুধবাৰে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষা সম্বন্ধীয় আঁচনি তথা প্ৰকল্পৰ শুভমুকলি

Share
নিউজ ডেস্ক,২০ অক্টোবৰঃ  বুধবাৰে শিৱসাগৰত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্তই শিক্ষা বিভাগৰ ‘বিদ্যা-জ্যোতি’ আৰু ‘মৈত্ৰী.. এক জ্ঞান যাত্ৰা’ নামৰ দুখন শিক্ষা বিভাগৰ আঁচনি তথা প্ৰকল্পৰ শুভমুকলি কৰে। শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱৰ সভাপতিত্বত চুকাফা সভাকক্ষত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত দুয়োটা প্ৰকল্পৰ জৰিয়তে কেনেদৰে জিলাৰ বিদ্যালয়-মহাবিদ্যালয় সমূহৰ শৈক্ষিক মানদণ্ড উন্নত মানৰ কৰিব পৰা যায় তাৰ সন্দৰ্ভত বিস্তৃত ভাৱে আলোচনা কৰে। লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে শিক্ষাৰ্থী সকলৰ শৈক্ষিক দিশৰ উত্তৰণ কৰিবৰ বাবেও এই দুয়োটা প্ৰকল্পৰ জৰিয়তে অনাগত দিনত শিৱসাগৰ জিলাত চেষ্টা জাৰি ৰখা হ’ব বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে,এই সভাতেই শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ ২০২২ বৰ্ষৰ ছমহীয়া পৰীক্ষাৰ ফলাফলৰ বিশ্লেষণ সন্দৰ্ভতো বিস্তৃত আলোচনা কৰা হয়।
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননী গোপাল মহন্তই তেওঁৰ বক্তব্যত বৰ্তমান সময়ত কলা শিক্ষাৰ লগতে বিজ্ঞান আৰু বাণিজ্য শিক্ষাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। লগতে তেখেতেছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত সৰ্বাধিক নম্বৰ আহৰণ কৰাৰ সমান্তৰালভাৱে এজন প্ৰকৃত ব্যক্তি হিচাপে সমাজত গঢ় দিব পৰাকৈ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। ইয়াৰ লগতে ড৹ মহন্তই সমসাময়িক শিক্ষা ব্যৱস্থাত সমাজৰ প্ৰতিজন ব্যক্তিৰ অংশগ্ৰহণ আৰু দায়বদ্ধতা নিশ্চিত কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায়। উপায়ুক্ত আদিত্য বিক্ৰম যাদৱেও শিক্ষাৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষৰ অন্যান্য জিলাসমূহৰ লগতে ফেৰ মাৰিব পৰাকৈ শিৱসাগৰ জিলাক আগুৱাই নিব লাগে বুলি মন্তব্য কৰে।

তদুপৰি ইয়াৰ বাবে কৰণীয় সকলোখিনি প্ৰচেষ্টা জিলা শিক্ষা বিভাগক গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।
আজিৰ এই সভাখনত শিৱসাগৰ জিলাৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসমূহ, উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ অধ্যক্ষসমূহ, শিৱসাগৰ জিলাৰ পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ লগতে শিক্ষা বিভাগৰ বিষয়-ববীয়াসকলো উপস্থিত আছিল। 

Leave a Reply

Your email address will not be published. Required fields are marked *