ৰাজ্য চৰকাৰে জাৰি কৰিছে দীঘলীপুখুৰী-নুনমাটি উৰণসেতু নিৰ্মাণৰ নিৰ্দেশনা। যাৰ বাবে কাটি পেলোৱা হ’ব গুৱাহাটী মহানগৰীৰ মাজমজীয়াৰ শতিকাপ্ৰাচীন বহু গছ-গছনি। ভাঙি পেলোৱা হ’ব আমবাৰীৰ অগপ কাৰ্যালয় আৰু গুৱাহাটী প্ৰেছ ক্লাৱসহ কেইবাটাও অট্টালিকা। চৰকাৰৰ এনে কৰ্মকাণ্ডত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত। ইতিমধ্যে জিলা প্ৰসাশনৰ পৰা ভূমি অধিগ্ৰহণৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে অগপ কাৰ্যালয় আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ লগতে ১২টা পৰিয়াললৈ। ভূমি অধিগ্ৰহণৰ জাননী পোৱাৰ পাছতেই সৰৱ হৈ উঠিছে অঞ্চলবাসী। উল্লেখ্য যে, দীঘলীপুখুৰী-নুনমাটি সংযোগী ফ’ৰলেনযুক্ত উৰণসেতু নিৰ্মাণৰ বাবে অধিক ভূমি প্ৰয়েজন হোৱাত এই জাননী জাৰি কৰিছে জিলা প্ৰশাসনে। জিলা আয়ুক্ত সুমিত ছাত্তাৱন স্বাক্ষৰিত এই জাননীখনত উৰণসেতুৰ বাবে ভূমিৰ প্ৰয়োজন হোৱা বুলি উল্লেখ কৰা হৈছে।
ইয়াৰ পূৰ্বেও তথাকথিত উন্নয়নৰ নামত চমক সৃষ্টি কৰিব বিছৰা ৰাজ্য চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল মহানগৰবাসীয়ে। তাৰ পাছতো চকুত কাপেৰ বান্ধি পুনৰ এবাৰ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে আবাসিক এলেকাৰ লগতে শতিকাপ্ৰাচীন বহু গছ কাটি পেলোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰসাশনে। পুনৰবাৰ গছ ৰক্ষাৰ দাবীত স্থানীয় ৰাইছে আৰিছে বেনাৰ-পষ্টাৰ।