ৰাজ্যত পুনৰ বোমা বিস্ফোৰণৰ শব্দই কঁপাইছে কাকপথাৰ ।ডুমডুমা দিশৰ পৰা ট্ৰাকত আহিছিল আক্ৰমনকাৰী দলটো। নিশা গুপোনে আহি আক্ৰমন কৰে সেনাৰ শিবিৰত ।সেনা ছাউনিলৈ লক্ষ্য কৰি তিনিটা UBGL নিক্ষেপ কৰাৰ তথ্য়। এই আক্ৰমণত জড়িত বুলি প্ৰেছ বিবৃতিযোগে আলফা স্বাধীনৰ স্বীকাৰোক্তি।
কাকপথাৰ সেনা ছাউনিৰ সমীপত মাজনিশা গুলী বৰ্ষণ আৰু বোমা বিস্ফোৰণৰ শব্দই সৃষ্টি কৰিছে অঞ্চলটোত ভয়াবহ পৰিস্থিতিৰ । প্ৰায় আধাঘন্টা ধৰি চলা আক্ৰমণত আহত হয় ৩ সেনা জোৱান ।তথ্য় অনুসৰি ৪০০ ৰ পৰা ৫০০ গুলী বৰ্ষণৰ লগতে ৪ টাকৈ বোমা বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে ।বৰ্জিত ট্ৰাকখন আৰক্ষিয়ে উদ্ধাৰ কৰে অসম-অৰুণাচল সীমান্তৰ ন- দিহিং নদীৰ পাৰৰ টেঙাপানীঘাটত।