স্বাধীন পিছৰ ভাৰতবৰ্ষত নাৰীৰ ভূমিকা এক বৃহৎ পৰিবৰ্তনৰ মাজেৰে গৈছে। পূৰ্বৰ সমাজৰ সীমাবদ্ধতাৰ পৰা মুক্ত হৈ আজিৰ নাৰী শিক্ষা, কৰ্মক্ষেত্ৰ,ৰাজনীতি, ক্ৰীড়া আৰু সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত নিজৰ স্থান সু-দৃঢ় কৰিছে। স্বাধীন ভাৰতৰ নাৰী এতিয়া কেৱল চাৰি বেৰৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ তেওঁলোকে সমাজ গঢ়াৰ এক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।
শিক্ষাৰ ক্ষেত্ৰতো ভাৰতীয় নাৰীৰ অগ্ৰগতি উল্লেখযোগ্য। স্বাধীনতাৰ পিছৰ পৰা শিক্ষাৰ হাৰ বৃদ্ধিৰ লগে লগে নাৰীসকলে বিজ্ঞান, প্ৰযুক্তি, চিকিৎসা, আইন আৰু ব্যৱসায়ৰ দৰে ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰিছে। উল্লেযোগ্য যে কল্পনা চাওলাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ “অপাৰেশ্যন সিন্দুৰ”সাফল্যমণ্ডিত কৰা ভাৰতৰ দুই নাৰী সামৰিক বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ দৰে নাৰীয়ে বিশ্বৰ মঞ্চত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে।
ৰাজনৈতিক ক্ষেত্ৰতো নাৰীৰ উপস্থিতি ক্ৰমশঃ বৃদ্ধি পাইছে। ইন্দিৰা গান্ধীৰ দৰে প্ৰথম মহিলা প্ৰধানমন্ত্ৰীৰ পৰা বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দৰে নেত্ৰীয়ে ভাৰতৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। স্থানীয় পঞ্চায়তৰ পৰা সংসদলৈকে নাৰীৰ অংশগ্ৰহণে গণতন্ত্ৰক অধিক শক্তিশালী কৰিছে। ঠিক সেইদৰে ক্ৰীড়া আৰু সংস্কৃতিৰ ক্ষেত্ৰ খনতো নাৰীৰ প্ৰভাৱ অপৰিসীম।
ক্ৰীড়াৰ ক্ষেত্ৰত পি.ভি. সিন্ধু, মেৰী কম, সাক্ষী মালিক, হিমা দাসৰ দৰে নাৰীসকলে বিশ্বৰ মঞ্চত ভাৰতৰ নাম উজ্জ্বল কৰিছে। ইয়াৰ লগে লগে সংস্কৃতিৰ ক্ষেত্ৰতো লতা মংগেশকাৰৰ পৰা দীপীকা পাডুকন, ৰীমা দাসৰ দৰে নাৰীয়ে ভাৰতীয় শিল্পীৰ মান উন্নত কৰিছে।
আজিৰ ভাৰতীয় নাৰী সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ তেঁওলোক বহুতো
প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে ।লিংগভিত্তিক বৈষম্য, নিৰাপত্তাৰ অভাৱ, আৰু সামাজিক কু-সংস্কাৰ আদিয়ে কিছু ক্ষেত্ৰত নাৰীৰ অগ্ৰগতিৰ পথত বাধাৰ সৃষ্টি কৰিছে। তথাপি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ, যেনে ‘বেটী বাচাও, বেটী পঢ়াও’, নাৰী সৱলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
স্বাধীন ভাৰতৰ নাৰী আজি সকলো ক্ষেত্ৰত নিজৰ যোগ্যতাৰ পৰিচয় দিছে। তেওঁলোকৰ শক্তি, সাহস আৰু দৃঢ়তাই ভাৰতক এক নতুন দিশলৈ আগুৱাই লৈ গৈছে। সমাজৰ সকলো স্তৰৰ সহযোগিতাৰে নাৰীৰ এই যাত্ৰা অধিক সফল হ’ব, আৰু ভাৰত এখন অধিক সমৃদ্ধ আৰু সমতাপূৰ্ণ দেশ হিচাপে গঢ়ি উঠিব।