এ ডি আৰৰ প্ৰতিবেদনত সৰ্বোচ্চ ধনী মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

Share

সদ্যবিদায়ী ২০২৪ বৰ্ষৰ শেষৰ দিনটোতে প্ৰকাশ পালে সমগ্ৰ দেশবাসীৰ বাবে এক প্ৰয়োজনীয় তথ্য । এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ অথ্যাৎ এ ডি আৰ নামৰ সংস্থাটোৱে দেশৰ ৩১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সম্পত্তিৰ পৰিমাণ , ধাৰৰ বোজা , অপৰাধমূলক গোচৰ , বাৰ্ষিক আয়ৰ পৰিমাণ আদি সম্পৰ্কে তথ্য প্ৰকাশ কৰিছে । এই তথ্যত দেশৰ সৰ্বোচ্চ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত আছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু । আনহাতে সৰ্বনিম্ন দৰিদ্ৰ মুখ্যমন্ত্ৰী গৰাকী পশ্চিম বংগৰ মমতা বেনাৰ্জী । উল্লেখ্য যে ১৭ কোটি ২৭ লাখ টকাৰ সম্পত্তিৰে নৱম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সৰ্বোচ্চ ধনী মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ৰ ধাৰ আছে ১০ কোটি টকাৰো অধিক । ব্যক্তিগত সম্পত্তিৰে দ্বিতীয় স্থানত আছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু । তেওঁৰ ধাৰৰ পৰিমাণ ১৮০ কোটি টকা বুলি তথ্য প্ৰকাশ পাইছে । উল্লেখ্য যে দেশৰ মহিলা মুখ্যমন্ত্ৰীৰ ভিতৰত পশ্চিম বংগৰ মমতা বেনাৰ্জীৰ সা-সম্পত্তিৰ পৰিমাণ ১৫ লাখ ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *