মঙলবাৰে ঘোষণা কৰা হ’ব চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফল

Share

আজি ঘোষণা কৰা হ’ব গুণোৎসৱৰ ফলাফল। মঙলবাৰে দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীৰ উপস্থিতত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব গুণোৎসৱৰ ফলাফলসমূহ। জনতা ভৱনত সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব উক্ত ফলাফল।

যোৱা ১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল গুণোৎসৱ । ৩১ খন জিলাৰ ৪৪,৫২৫ খন বিদ্যালয় সামৰি লৈ অনুষ্ঠিত কৰা হৈছিল  এই গুণোৎসৱ।

সোমবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদমেলত প্ৰকাশ কৰি মঙলবাৰৰ দিনটোত অৰ্থাৎ ২৫ এপ্ৰিলত বিগত বৰ্ষৰ গুণোৎসৱৰ ফলাফলসমূহ ঘোষণা কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল।ইয়াৰ উপৰিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পৰৱৰ্তী সময়ত গুণোৎসৱৰ বিষয়টোত শিক্ষাৰ সেতু এপৰ ভূমিকা থাকিব বুলিও উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *