দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, ঘোষণা কৰিব কেইবাটাও উন্নয়ণমূলক প্ৰকল্প

Share

দুদিনীয়া ভ্ৰমণসূচীৰে ১৩ আৰু ১৪ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। আজি বিয়লি ৪ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী মোদী ।ঠিক ৫ বজাৰ লগে লগে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।অনুষ্ঠানত প্ৰায় ১০০০ শিল্পীয়ে ২৩ মিনিতৰ বাবে পৰিৱেশন কৰিব সুধাকণ্ঠৰ কালজয়ী গীত।অনুষ্ঠানত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰস্তুত কৰি উলিওৱা সুধাকণ্ঠৰ ১০০ টকীয়া মুদ্ৰাৰ শুভ উদ্বোধন কৰা হ’ব। মোদীৰ অসম ভ্ৰমণত অসমে আন্ত:গাঁঠনি উন্নয়ণৰ বাবে পাব প্ৰায় ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ উপহাৰ।

কাইলৈ অৰ্থাৎ ১৪ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদী উপস্হিত হ’ব দৰঙত। স্থাপন কৰিব কেইবাটাও উন্নয়ণমূলক প্ৰকল্পৰ আধাৰশিলা। দৰঙৰ পিছতে প্ৰধানমন্ত্ৰী গৰাকী ৰাওনা হ’ব যোৰহাটলৈ,যোৰহাটৰ পিছতে প্ৰধানমন্ত্ৰী উপস্থিত হ’ব গোলাঘাটত। পোন প্ৰথমে নুমলীগঢ়ত অসম বায়’ ইথানল প্ৰাইভেট লিমিটেডৰ নুমলীগঢ় শোধনাগাৰ প্লান্ট উদ্বোধন কৰিব। তাৰ ঠিক পিছতে গোলাঘাটত পলিপ্ৰ’পাইলিন প্লান্টৰ আধাৰশিলা স্থাপন কৰিব। মোদীৰ অসম ভ্ৰমণে অসমৰ আন্ত:গাঁঠনি উন্নযনৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *