ছোৱালীৰ মন কী বাত শুনক প্ৰধানমন্ত্ৰীয়ে

Share

 অব্যাহত আছে  দিল্লীৰ যন্তৰ মন্তৰত আন্দোলনৰত মল্লযোদ্ধাৰ আন্দোলন কাৰ্যসূচী।সাত গৰাকীকৈ মহিলা মল্লযোদ্ধাই ন্যায় প্ৰাপ্তিৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত বহি আছে ধৰ্ণাত। মল্লযোদ্ধাৰো সকৰলে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি তেওলোকৰ সমস্যাসমুহ অৱগত কৰিবলৈ তেওলোকে ইচ্ছা ব্যক্ত কৰিছে। ‘মন কী বাত’ৰ দৰে  অনুষ্ঠান কৰা প্ৰধানমন্ত্ৰী গৰাকীক ”ছোৱালীৰ মন কী বাত” শুনিবলৈ অনুৰুধ জনোৱা হৈছে।

যোৱা দেওঁবাৰৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত আন্দোলন কৰি থকা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মল্লযোদ্ধাসকলে দেশৰ কুস্তি ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষণৰ বিৰুদ্ধে মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিছে।বিজেপিৰো প্ৰভাৱ শালী নেতা তথা অভিযোক্ত সাংসদ ব্ৰীজ ভূষণৰ বিৰুদ্ধে আনকি আৰক্ষীয়ে এইপৰ্যন্ত গোচৰেই ৰুজু কৰা নাই।

 এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ পদক  বিজয়ী ভিনেশ ফোগাটাই ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰীৰ সৈতে দেখা সাক্ষাৎ হ’লে দেশৰ কন্যা হিচাপে মল্লযোদ্ধাসকলৰ বেদনা তেওঁ উপলব্ধি কৰিবলৈ সক্ষম হ’ব।প্ৰধানলমন্ত্ৰীয়ে এই পৰ্যন্ত তেওঁলোকৰ বেদনাসমুহৰ বিষয়ে ভালকৈ অৱগত হৱা নাই বুলি তেওঁ অভিহিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *