অনালি শৰ্মা, ৩০ অক্টোবৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পুৱা ১১ বজাত স্বচ্ছ ভাৰত মিছন ২.০ আৰু অমৃত ২.০ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । সকলো চহৰক আৱৰ্জনামুক্ত কৰি জল সংৰক্ষণৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে স্বচ্ছ ভাৰত মিছন আৰু অটল মিছনপ্ৰস্তুত কৰা হৈছে।
এই অনুষ্ঠানত উপস্থিত থাকে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰীৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নগৰ উন্নয়ন মন্ত্ৰী।
অটল মিছনৰ দ্বিতীয় পৰ্যায়ৰ লক্ষ্য হৈছে প্ৰায় ২.৬৪ কোটি নৰ্দমা সংযোগ কৰি প্ৰায় ২.৬৮ কোটি পানী টেপৰ ব্যৱস্থা কৰা। লগতে, ৫০০ খন অমৃত চহৰত নৰ্দমা আৰু চেপ্টেজৰ ১০০ % আৱৰণৰ সৈতে, প্ৰায় ৪,৭০০ নগৰীয় স্থানীয় সংস্থাৰ সকলো পৰিয়াললৈ খোৱা পানীযোগানৰব্যৱস্থা কৰা।
লগতে এই কাৰ্যসূচীয়ে চহৰ খনৰ ১০.৫ কোটিৰো অধিক লোকক লাভান্বিত কৰিব বুলি কোৱা হয়।