এফালে জ্বলি ছাৰখাৰ হ’ল আৰক্ষী থানা ! আনফালে উচ্ছেদ কৰা হ’ল ঘৰসমূহ , বটদ্রৱাৰ এনে হিংসাত্মক কাণ্ডক লৈ কি ক’লে মুখ্যমন্ত্রী, DGP ভাস্কৰজ্যোতি মহন্তই ? 

Share
গুৱাহাটী,২৩ মে’ঃ এতিয়াও ৰাজ্যজুৰি অব্যাহত হিংসাত্মক ঘটনাৰ ফলত সৃষ্টি হোৱা কাণ্ডক লৈ চাঞ্চল্য । শণিবাৰে এনে হিংসাত্মক ঘটনা সংঘটিত হৈছিল নগাঁৱৰ বটদ্রৱা আৰক্ষী থানাত । ঘটনা অনুসৰি, বটদ্রৱাৰ শালনাবাৰীৰ চফিকুল ইছলাম নামৰ এজন লোক মদ খাই ৰাস্তাত পৰি থকা অৱস্থাতে আৰক্ষীয়ে ধৰিছিল আৰু আৰক্ষীৰ জিম্মাতে লোকজনৰ মৃত্যুক কেন্দ্র কৰি  একাংশ ক্ষুব্ধ জনতাই , প্রথমে আৰক্ষীৰ ওপৰত আক্রমণ , তাৰ পাছতে আৰক্ষী নিৱেশ লণ্ডভণ্ড কৰি পেট্র’ল ঢালি জ্বলাই দিয়ে আৰক্ষী থানা ।তাৰ পাছতে সৃষ্টি হ’বলৈ ধৰে ঘটনাৰ উদগিৰণ।  আৰক্ষী থানাৰ জ্বলাই দিয়াৰ পাছতে প্রশাসনে উচ্ছেদ কৰিলে চফিকুল ইছলামৰ আত্মীয়ৰ বাসগৃহসমূহ ।তাৰ পাছতে ঘটনাই নতুন মো’ৰ লোৱা পৰিলক্ষিত  হৈছে ।ঘটনাৰ এনে লংকাকাণ্ড আৰু অগ্নিসংযোগৰ ঘটনাক লৈ সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা । বিভিন্নজনৰ ভিন্ন মত তথা দৃষ্টিভংগী লগতে বিৰূপ মন্তব্য কৰাও পৰিলক্ষিত হৈছে।
তাৰ মাজতে নগাঁৱৰ বটদ্রৱাৰ এনে হিংসাত্মক কাণ্ডক লৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা এনেদৰে মন্তব্য কৰিছে যে –” নিৰাপত্তাৰ প্রতি ভাবুকি সৃষ্টি কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব ” লগতে কয় যে, বটদ্রৱাত বহু মাটি বেদখলকাৰীৰ কবলত আছে ।নগাঁও জিলাৰ উপায়ুক্তক বেদখলৰ বিষয়টো চাবলৈ দিয়া হৈছে । আনফালে বটদ্রৱাৰ ঘটনা প্রসংগত অসমত পাকিস্তান , বাংলাদেশৰ একাংশ সমৰ্থক আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই ।তেওঁ কয় যে জুৰীয়া , ধিং , কচুৱা , মৈৰাবাৰীত থানা আক্রমণৰ ঘটনা হৈ থাকে , কাৰণ এনেবোৰ এলেকাত পাকিস্তানী পতাকা উৰে ।” তদুপৰি এই ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই মন্তব্য কৰি কয় যে ” চফিকুলে মদ খাই পৰি থকা অৱস্থাত তুলি অনা  হৈছিল । তাৰ ফটো’গ্ৰাফ আমাৰ হাতত আছে । নিচাগ্ৰস্ত অৱস্থাত আমাৰ থানাৰ নতুন বলেৰ’ গাড়ীৰে অনা হৈছিল । টেক্নিকেলি পুলিচৰ জিম্মাতে তেওঁৰ মৃত্যু হৈছিল ।লগতে কয় যে, ” সমগ্ৰ ঘটনাত ষড়যন্ত্র জড়িত আছে । বৃহৎ দমনমূলক কাৰ্যকলাপৰ উদাহৰণ এয়া । এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব ।কঠোৰ হাতেৰে দমন কৰা হ’ব এনে কাৰ্য ।”

Leave a Reply

Your email address will not be published. Required fields are marked *