লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন ৷ ১৯ এপ্ৰিলৰ পৰা অসমত আৰম্ভ হ’ব লোকসভা নিৰ্বাচন প্ৰক্ৰিয়া ৷ এফালে ৰঙালীক আদৰিবলৈ সাঁজু হৈছে ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ৰঙালী বিহুৰ প্ৰস্ততি ৷ জীয়ৰী বোৱাৰীসকলো এতিয়া ব্যস্ত হৈ পৰিছে নিজ নিজ তাঁতশালত ৷ খিট্খিট্কৈ মাকো মাৰি চেনাইলৈ বইছে গুটি ফুলৰ গামোচা ৷ লগতে ককাঁলত টঙালী বান্ধি ডেকাসকলো ঢোল- পেঁপা লৈ নাচনীবোৰৰ সৈতে আৰম্ভ কৰিছে বিহুৰ আখৰা ৷ কি উজনি কি নামনি সকলোতে আৰম্ভ হৈছে বিহুৰ প্ৰশিক্ষণ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বিহু নাচৰ লগতে ঢোল, পেঁপা, গগণাৰ কৰ্মশালা ৷ শিশুসকলৰ লগতে শ শ ঢুলীয়া নাচনীয়ে অংশগ্ৰহন কৰিছে এই কৰ্মশালাত ৷ এতিয়া কেৱল চাৰিওফালে কুলিৰ মাত ,নাহৰৰ সুগন্ধি, ডালে ডালে কপৌফুল ফুলিছে ৷ গছৰ ডালত নতুনকৈ কুহিঁপাত মেলিছে ৷ চাৰিওফালে সেউজীয়া কেৱল সেউজীয়া ৷ মন মুহিত কৰা এই ক্ষণ ৷ ৰঙেৰে উপচাই দিয়া এয়াই বহাগ বিহুৰ আগমন ৷