অসমত তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অন্ত পৰিল।ইয়াৰ পিছতেই একাংশ পুৰণি বিজেপিৰ নেতা কৰ্মীৰ ঘতিল ক্ষুবৰ বহি: প্ৰকাশ।ইয়াৰ পূৰ্বে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ,প্ৰাক্তন বিধায়ক অশোক শৰ্মা ,দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আদিৰ দৰে জ্যেষ্ঠ নেতাই মুকলি ভাবে দলীয় নেতৃত্ব বিৰুদ্ধে ক্ষুব প্ৰকাশ আৰু বিদ্ৰোহ ঘোষনা কৰিছিল।
দলৰ ৰাজ্যিক নেতৃত্বৰ বিদ্ৰদ্ধে থকা ক্ষোভ আৰু আসন্তষ্টি বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী আমিত শ্বাহক অৱগত কৰাইছিল নগাঁৱৰ প্ৰাক্তন সাংসদ গোঁহাইয়ে । উল্লেযোগ্য যে একাংশ নেতা কৰ্মীয়ে কংগ্ৰেছ আৰু অনন্য দলৰ পৰা গৈ পুৰণি নেতা কৰ্মীৰ স্থান দখল কৰাত লৈ ক্ষুবিত হৈ আছে দলৰ জ্যেষ্ঠ নেতাসকল।ইয়াৰ মাজতে পুৰণি বিজেপিৰ কৰ্মীক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিন চেৰেক কিছু কটু মন্তব্য প্ৰদান কৰাৰ লগতে ন বিজেপিৰ আৰু পুৰণি বিজেপিৰ সংজ্ঞা প্ৰদান কৰিছিল, তাক লৈ ক্ষুব্ধ হৈ পৰিছিল একাংশ পুৰণি বিজেপিৰ কৰ্মী। জয়ন্ত মল্ল বৰুৱাক আভ্যন্তৰীণ বিষয়ক লৈ মন্ত্যবো দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে খুমটাই সমষ্টিৰ শাসকীয় বিধায়ক মৃণাল শইকীয়া এই সংক্ৰান্ত ফেচবুক যোগে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰালে।লক্ষণীয় ভাবে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসেও ।বিজেপিৰ সমৰ্থন কৰাৰ বাবে দীৰ্ঘসময় ধৰি কংগ্ৰেছ দলৰ পৰা বিলম্বিত হৈ আহিছে।দলটোৰ একাংশ ক্ষুবিত নেতা কৰ্মীৰ অভিযোগ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অধিকাংশ মন্ত্ৰী পদ, বিধায়ক আৰু সাংসদ পদ, দলৰ বিষয় ববিয়া, আদিলত এলাগী হৈ পৰিছে দলৰ বহু নেতা কৰ্মী।