১৮ জুলাইৰ পৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰে বিলুপ্ত হ’ল মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জনোৱা এক অধিসূচনাত প্ৰকাশ কৰে বিভাগৰ প্ৰধান সচিব অবিনাশ যোগীয়ে।
উল্লেখ্য যে তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা অধিসূচনা মৰ্মে প্ৰশাসনীয় সুবিধা আৰু জিলা উপায়ুক্তক যাৱতীয় ক্ষমতা প্ৰদানৰ জৰিয়তে প্ৰশাসনক ৰাইজৰ ওচৰত চপাই নিয়াৰ উদ্দেশ্য বিলোপ কৰা হৈছে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়বোৰ।
ৰাজ্যৰ ইতিমধ্যে ৫ খনকৈ আয়ুক্তৰ কাৰ্যালয়ক বিলুপ্ত কৰা উক্ত অধিসূচনাত জনোৱা মতে তেওঁলোকৰ কৰ্তৃত্বত থকা ক্ষমতাসমূহ এতিয়াৰ পৰা সাধৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিবৰ হাতত অৰ্পণ কৰা হৈছে। লগতে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়ৰ কাৰ্মচাৰীসকল জিলা প্ৰশাসনৰ অধীনলৈ অনা হৈছে।
ইয়াৰ উপৰিও আন এক অধিসূচনাত প্ৰকাশ কৰা মতে জিলা উপায়ুক্তৰ পদবীক নতুনকৈ নামকৰণ কৰা হৈছে, যাক এতিয়াৰ পৰা জিলা আয়ুক্ত হিচাপে জনাজাত হ’ব।