কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দিনে দিনে বৃদ্ধি পাইছে ঢেকীয়াপতীয়া বাঘৰ সংখ্যা ৷ কলিয়াবৰৰ উপ-জিলা অন্তৰ্গত বুঢ়া পাহাৰ অঞ্চলত ২৫ ৰ পৰা ৫০ টালৈ ঢেকীয়াপতীয়া বাঘ থকাৰ সন্দেহ কৰিছে ৷ বিগত বৰ্ষত বুঢ়াপাহাৰ বনাঞ্চলত ঢেকীয়াপতীয়া বাঘ চাবৰ বাবে বহু দেশী-বিদেশী পৰ্যটকৰ ভিৰ হোৱা দেখা গৈছে ৷ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত বাগছেৰ আৰু চিৰাং পাহাৰত সঘনে ঢেকীয়াপতীয়া বাঘ বিচৰণ কৰি ফুৰা পৰিলক্ষিত হৈছে ৷
কলিয়াবৰত প্ৰায়ে বিচৰণ কৰি ফুৰা বাঘে , কামাখ্যা সংৰক্ষিত বনাঞ্চলতো বিচৰণ কৰি ফুৰিছে ৷ ইপিনে বনাঞ্চলৰ পৰা ওলাই আহি চাহ-বাগিছাত বিচৰণ কৰি ইতিমধ্যে কেইবাটাও গো-ধন আৰু পশু-পক্ষী নিধন কৰিছে বুলি জানিব পৰা গৈছে ৷