দেশত বৃদ্ধি হৈছে HMPV ৰোগীৰ সংখ্যা। প্ৰথমে অসমত লখিমপূৰৰ এটি ১০ মহীয়া শিশুৰ শৰীৰত ধৰা পৰিছিল HMPV অৱস্থিতি। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰত কৰা পৰীক্ষাত ধৰা পৰিছিল HMPV। AMCHত শিশুটিক আছুতীয়াকৈ ৰাখি কৰা হৈছিল উন্নত চিকিৎসা। মঙলবাৰৰ পৰা গুৱাহাটীত ২৪ ঘন্টাৰ ভিতৰত দুজনকৈ লোকৰ শৰীৰত ধৰা পৰিছে HMP ভাইৰাছ। এজনৰ পাছত আন এজন লোক আক্ৰান্ত হৈছে এই ৰোগত। মঙলবাৰে এগৰাকী ৭৫ বছৰীয়া মহিলাৰ শৰীৰত ধৰা পৰিছিল HMP ভাইৰাছ। জানিব পৰা মতে জ্বৰ, চৰ্দি,কাহ, আদি লক্ষণ দেখা গৈছিল মহিলা গৰাকীৰ দেহত। বৰ্তমান খ্ৰীষ্টানবস্তিস্থিত এপল’ হাস্পাতালত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী। মহিলা গৰাকীৰ দেহত HMP ভাইৰাছ ধৰা পৰাৰ পিছত মহিলাগৰাকীৰ স্বামীৰো কৰা হৈছিল HMPV পৰীক্ষা। তাৰ পাছতে মহিলা গৰাকীৰ স্বামীৰ দেহত ধৰা পৰে এই ভাইৰাছৰ সংক্ৰমণ।