বহু প্ৰত্য়াশিত অপেক্ষাৰ অন্ত পৰিব !  ৩০ জুনত ঘোষিত হ’ব উচ্চতৰ মাধ্য়মিক পৰীক্ষাৰ ফলাফল 

Share

চলিত জুন মাহৰ ২০ তাৰিখে ঘোষিত হ’ব লগা উচ্চতৰ মাধ্য়মিকৰ ফলাফল ঘোষণা স্থগিত ৰাখিবলগীয়া হ’ল । কিয়নো , ৰাজ্য়ৰ বিভিন্ন অঞ্চলত প্ৰলয়ংকৰী বানে সংহাৰী ৰূপ ধাৰণ কৰাত বিধ্বস্ত হৈ পৰিছিল বহু অঞ্চল । বানৰ এনে সংকটময় সময়ছোৱাৰ পৰিপ্ৰক্ষিতত উচ্চতৰ মাধ্য়মিকৰ ফলাফল স্থগিত ৰখা গৈছিল । কিন্তু উল্লেখ্য় যে , অসম উচ্চতৰ মাধ্য়মিক শিক্ষা সংসদৰ অধীনস্থ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ৩০ জুনত ঘোষণা কৰা হ’ব ।

তদুপৰি , ৰাজ্য়ত প্ৰলয়ংকাৰী শেহতীয়া বান পৰিস্থিতি আৰু অন্য়ান্য় আনুষংগিক কেতবোৰ কাৰণত ফলাফল ঘোষণাত কিছু পলম হ’ল বুলি ইতিমধ্য়ে সংসদৰ সচিব পুলক পাটগিৰিয়ে সংবাদ মাধ্য়মৰ  আগত সদৰী কৰিছে । ইফালে ২০২১-২২ বৰ্ষত পঞ্জীয়ন কৰা উচ্চতৰ মাধ্য়মিকৰ শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন সংক্ৰান্ত তথ্য়সমূহৰ শুধৰণিৰ বাবে অসম উচ্চতৰ মাধ্য়মিক শিক্ষা সংসদে কাৰ্যক্ষম কৰি তুলিছে অনলাইন পৰ্টেল । ইতিমধ্য়ে, ২৫ জুনৰ পৰা ১৫ জুলাইৰ ভিতৰত শিক্ষা সংসদৰ পৰ্টেল যোগে এই শুধৰণিৰ বাবে আবেদন কৰিবলৈ সকলো শিক্ষানুষ্ঠানলৈ জাননী  জাৰি কৰিছে শিক্ষা  সংসদে । লগতে প্ৰতিজন শিক্ষাৰ্থীৰ পঞ্জীয়ণৰ তথ্য় শুধৰণিৰ বাবদ এশ টকাকৈ ধাৰ্য্য় কৰা হৈছে  মাচুল । নিদিৰ্ষ্ট সময়সীমাৰ ভিতৰত সকলোকে উচ্চতৰ মাধ্য়মিক শিক্ষা সংসদৰ ৱেৱচাইটযোগে আবেদন কৰিবলৈ শিক্ষা সংসদে জনাইছে আহ্বান ।

Leave a Reply

Your email address will not be published. Required fields are marked *