নলবাৰীৰ বৰক্ষেত্ৰীৰ নদীত উঠিচে টকাৰ উজান

Share

কল্পনা নকৰা এটা দৃশ্য় নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰি চৰৰ নৈত উটি আহিল বস্তাই বস্তাই টকা। স্থানীয় লোকৰ মাজত লাগিছে হাহাকাৰ নৈৰ পানিত ভাহি আহিল ৫০০ টকীয়া নোট । নৈত টকাৰ উজান উঠাত স্থানীয় ৰাইজৰ মাজত লাগিল পইছা বুটলিবলৈ হাহাকাৰ ।

মুকালমুৱাৰ চৰা়ঞ্চলত উদ্ধাৰ কৰা হ’ল বৃহৎ পৰিমানৰ ধন। জানিব পৰা মতে শিয়ালমাৰি নৈত টকাৰ বাণ্ডিল পলিথিনত ভাহি আহি থকা অৱস্থাত প্ৰথমে স্থানীয় যুৱক এজনে প্ৰতেক্ষ কৰে ।পলিথিনৰ ভিতৰত টকাৰ বাণ্ডিল  দেখি সন্দেহ হোৱাত স্থানীয় ৰাইজে খবৰ দিয়ে শিয়ালমাৰি আৰক্ষীক ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত জানিব পৰা গ’ল সেইবোৰ আছিল ৫০০ টকাৰ নকল নোট ।

শেষত আৰক্ষীয়ে উদ্ধাৰ কৰে নকল নোটৰ বাণ্ডিলসমূহ ৫০০ টকীয়া নকল নোটবোৰ নৈত কৰ পৰা আৰু কেনেকৈ উটি আহিল সেয়া এটিয়াও ৰহস্যৰ আঁৰত ।

Leave a Reply

Your email address will not be published. Required fields are marked *