১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)। ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা পৰীক্ষাৰ সামৰণি পৰিব ৩ মাৰ্চত। প্ৰথম দিনাই থাকিব ইংৰাজী বিষয়ৰ পৰীক্ষা।এইবছৰ ৰাজ্যৰ মুঠ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত ৪,২৯,৪৪৮ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত তাৰে ভিতৰত ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী। বিগত বৰ্ষতকৈ ৮,৭২০ গৰাকী ছাত্ৰ আৰু ৪৮,১৪২ গৰাকী ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে লগতে বিগত বৰ্ষতকৈ ৩১ টা পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি হৈছে।