অৱশেষত সকলোৰে অপেক্ষাৰ অন্তত ঘোষণা কৰা হল অসম সাহিত্য সভাৰ সভাপতি,উপসভাপতি লগতে প্ৰধান সম্পাদকৰ নাম।বিগত সময়ছোৱাত এটাৰ পিছত আন এটা বিতৰ্কই দেখা দিয়া অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বিষয়টোক লৈ বহুতো চৰ্চা হোৱা পৰিলক্ষিত হৈছিল।ৰাজ্যৰ বহুকেইজন আগশাৰীৰ সাহিত্যিকৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও বিতৰ্কৰ আওঁতাত তিনিগৰাকীয়ে প্ৰত্যাহাৰ কৰিছিল নিজৰ নাম।অৱশেষত দেওবাৰে ঘোষণা হল নতুন সভাপতিৰ নাম।সকলো বিতৰ্কৰ অন্ত পেলাই অসম সাহিত্য সভাৰ সভপতি হিচাপে নিৰ্বাচিত হল বিশিষ্ট সাহিত্যিক তথা গৱেষক ড০ বসন্ত কুমাৰ গোস্বামী।তেওঁ ৪০৩টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে প্ৰতিদ্বন্দী ড০ উপেন ৰাভা হাকাচামে লাভ কৰে ৩২৫ টা ভোট।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও প্ৰধান সম্পাদকৰ পদত অলংকৃত কৰিছিল বসন্ত কুমাৰ গোস্বামীয়ে।
আনহাতে ৩৯৩ টা ভোট লাভ কৰি উপসভাপতিৰ পদত জয়ী লাভ কৰিলে পদুম ৰাজখোৱাই।তাৰ বিপৰীতে প্ৰতিদ্বন্দী ডা০ বিপিন কলিতা আৰু চহিৰ ভূঞাই লাভ কৰে ক্ৰমে ২৪৬ টা আৰু ১০০ টা ভোট।
তাৰ সমান্তৰালভাৱে সাহিত্য সভাৰ প্ৰধান সম্পাদক পদত ৪০৫ টা ভোটেৰে জয়ী লাভ কৰে দেৱজিৎ বৰাই। তেখেতৰ প্ৰতিদ্বন্দি ড০ অজিত প্ৰসাদ শৰ্মা আৰু ড০ সঞ্জিব শৰ্মাই লাভ কৰে ক্ৰমে ২৪০ টা আৰু ৯৭টা।
উল্লেখযোগ্য যে যোৱা ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল সাহিত্য সভাৰ সভাপতি,উপ সভাপতি আৰু প্ৰধান সম্পাদক নিৰ্বাচন প্ৰক্ৰিয়া।প্ৰথমে সভাপতি পদৰ বাবে ড০ গোবিন্দ প্ৰসাদ শৰ্মা, ড০ ভীমকান্ত বৰুৱা,ড০ উপেন ৰাভা হাকাচাম,ড০ বসন্ত কুমাৰ গোস্বামী আৰু অনুৰাধা শৰ্মা পূজাৰী। পৰবৰ্তী সময়ত ড০ ভীমকান্ত বৰুৱা,ড০ গোবিন্দ প্ৰসাদ শৰ্মা আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে প্ৰত্যাহাৰ কৰে নাম।ফলত ড০ উপেন ৰাভা হাকাচাম আৰু ড০ বসন্ত কুমাৰ গোস্বামীৰ মাজতে সভাপতিক লৈ প্ৰতিদ্বন্দিতা হয়।
আনহাতে অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যকালৰ বাবে ৫ গৰাকীয়ে উপ সভাপতি পদৰ বাবে মনোনয় দাখিল কৰিছিল।তাৰে দুজনৰ মনোনয় বাতিল কৰা হৈছে। প্ৰধান সম্পাদক পদৰ বাবে তিনিগৰাকীয়ে মনোনয় দাখিল কৰিছিল।