পূৰ্বৰ তুলনাত নামনি অসমৰ অপৰাধৰ মাত্ৰা লাহে লাহে কমি আহিছে। শুকুৰবাৰে বঙাইগাঁওত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এই মন্তব্য কৰে।
শুকুৰবাৰে জি পি সিঙে ৬ খন জিলাৰ অপৰাধ পুনৰীক্ষণ কৰে। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে মিলিত হৈ অপৰাধ পুনৰীক্ষণ কৰে। সেই অনুসাৰে পূৰ্বৰ তুলনাত নামনি অসমৰ অপৰাধৰ মাত্ৰা কিছু পৰিমাণে উন্নত হৈছে বুলি অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰে।
উল্লেখ্য যোগ্য যে, শুকুৰবাৰে বঙাইগাঁও জিলাত উপায়ুক্তকৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰা হৈছিল। উক্ত বৈঠকখনত ৬ খন জিলাৰ ক্ৰমে বঙাইগাঁও, চিৰাং, ধুবুৰী, কোকৰাঝাৰ, গোৱালপালা আৰু বাক্সা জিলাৰ অৰক্ষীৰ সৈতে অপৰাধজনিত আৰু আইনশৃংখলা ঘটনাৰ ওপৰত পৰ্যালোচনা কৰা হয়।