চিকিৎসাধীন অৱস্থাতেই মৃত্যু নাহৰফুটুকীৰ

Share

যোৰহাটত সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটোয়ে অৱশেষত আজি শেষ নিশ্বাস ত্যাগ কৰে । ২৬ ডিচেম্বৰত যোৰহাটৰ চতাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ আৱাসিক এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটোক বনবিভাগৰ দ্বাৰা যোৱা ২৭ ডিচেম্বৰৰ পুৱাতেই সংজ্ঞাহীন কৰি আটক কৰা হৈছিল। বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহা নাহৰফুটুকীটোৱে ইতিমধ্যেই ১৩ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল। সংজ্ঞাহীন কৰাৰ পিছত বাঘটোক কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই মৃত্যুক আকোঁৱালি লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *