সদনত উত্থাপিত হ’ল তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰসংগ

Share

বিগত ৭২ দিন ধৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ ফলত পাচঁদিনৰ বাবে শিক্ষা বিভাগ বন্ধ হৈ পৰে। ইয়াৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী যোৱা ২২ ছেপ্টেম্বৰৰ পৰা অনুপস্থিত থকাৰ ঘটনাক লৈ লোকসভাত প্ৰশ্ন উত্থাপিত হয়, যাৰ উত্তৰত শিক্ষা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে সোমবাৰে কিছু গুৰুত্বপূর্ণ স্পষ্টীকৰণ প্ৰদান কৰে ।

নগাঁৱৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিশ্ববিদ্যালয়ত চলি থকা প্ৰশাসনিক অস্থিৰতা, উপাচাৰ্যৰ অনুপস্থিতি আৰু শিক্ষা বিভাগৰ অচল অৱস্থাক লৈ কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিস্তৃত তথ্য বিচাৰিছিল। সেই প্ৰশ্নৰ উত্তৰ দি শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰে উল্লেখ কৰে যে তেজপুৰ বিশ্ববিদ্যালয় আইন, ১৯৯৩ অনুসৰি, উপাচাৰ্যৰ পদ খালী থাকিলে প্ৰ’ উপাচাৰ্যেই সেই দায়িত্ব সাময়িকভাৱে পালন কৰিব পাৰে, আৰু প্ৰ’ উপাচাৰ্যও সেই সময়ত উপলব্ধ নাথাকিলে বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠতম অধ্যাপকে উপাচাৰ্য নিযুক্ত হোৱা বা ঘূৰি অহা পৰ্যন্তলৈ দায়িত্ব লাভ কৰে। তাৰ লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহ যিহেতু স্বায়ত্তশাসিত প্ৰতিষ্ঠান সেয়ে তাৰ আভ্যন্তৰিণ বিষয়সমূহ বিশ্ববিদ্যালয়ৰ নিজ নিজ আইনৰ অধীনত থাকে।

আনহাতে বিশ্ববিদ্যালয়ৰ সুৰক্ষা ব্যৱস্থা, শ্রম আইন উলংঘন, গ্ৰন্থাগাৰ আৰু ই-ৰিছ’ৰ্ছ ক্ৰয়ত অনিয়ম আদিৰ বিষয়ে উত্থাপিত অভিযোগ সন্দৰ্ভতো ড° মজুমদাৰে স্পস্তিকৰণ প্ৰদান কৰে। উপাচাৰ্যৰ দীৰ্ঘদিনীয়া অনুপস্থিতিৰ ফলত প্ৰশাসনিক অস্থিৰতা সৃষ্টি হোৱাৰ বিষয়ে ছাত্র আৰু শিক্ষক মহলত উদ্বেগ অব্যাহত আছে লগতে ফেক্ট-ফাইণ্ডিং কমিটিৰ প্ৰতিবেদনখন এতিয়াও প্ৰকাশ কৰা হোৱা নাই বুলিও তেখেতে সংসদত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *