অপাৰেছন সেন্দুৰৰ জৰিয়তে পাকিস্তানক উপয়ুক্ত উত্তৰ দিয়াৰ পিছতে এতিয়া বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে সিন্ধু জল চুক্তি স্থগিত থাকিব।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে মঙলবাৰে কয় যে পাকিস্তানে বিশ্বাসযোগ্য আৰু অপ্ৰত্যাৱৰ্তীয়ভাৱে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ সমৰ্থন ত্যাগ নকৰালৈকে ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰাখিব।জয়ছোৱালে কয়-চুক্তিৰ প্ৰস্তাৱনা উল্লেখ কৰা ধৰণে সদিচ্ছা আৰু বন্ধুত্বৰ মনোভাৱেৰে সিন্ধু জল চুক্তি সম্পাদন কৰা হৈছিল।কিন্ত পাকিস্তানে দশক দশক ধৰি সীমা অতিক্ৰম কৰা সন্তাসবাদক প্ৰসাৰিত কৰি এই নীতিসমূহ উলংঘা কৰি আহিছে।পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতেই ভাৰতে স্থগিত ৰাখিছিল সিন্ধু জল চুক্তি।বিশ্ব বেংকৰ মধ্যস্থতাত ১৯৬০ চনত পাকিস্তানৰ সৈতে জল ভাগ-বতৰা কৰাৰ ঐতিহাসিক চুক্তিখন ভাৰতে প্ৰথমবাৰৰ বাবে স্থগিত ৰাখিছে।এই চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেবিনেট কমিটী অন ছিকিউৰিটিয়ে। অপাৰেছন সেন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে সিন্ধু জল চুক্তিৰ সন্দৰ্ভত নতুন দিল্লীৰ দৃঢ় স্থিতি পুনৰবাৰ উল্লেখ কৰি ঘোষণা কৰে যে-পানী আৰি তেজ একেলগে বৈ যাব নোৱাৰে।তেওঁ কয় যে সন্ত্ৰাস আৰু আলোচনা একে সময়তে হ’ব নোৱাৰে।সন্ত্ৰাস আৰু বাণিজ্য একেলগে হ’ব নোৱাৰে পানী আৰু তেজ একলগে বৈ যাব নোৱাৰে।