ভাৰতত শক্তিশালী ৰূপত দক্ষতা প্ৰৰ্দশন কৰিব ভাৰতীয় সেনাবাহিনীয়ে

Share

ভাৰতৰ সেনাবাহিনীয়ে পূৰ্বৰ পৰাই শক্তিশালী ৰূপত নিজৰ দক্ষতা প্ৰৰ্দশন কৰি আহিছে।পুনৰ ভাৰতে প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ উদ্দেশ্যৰে এয়াৰ ডিফেন্স চিষ্টেম তৈয়াৰ কৰাৰ দিশত আগবাঢ়িছে।এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে বিদেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰাৰ পৰিৱৰ্তে দেশৰ ভিতৰতে দীৰ্ঘ দূৰত্বৰ প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা।ভাৰতৰ এই প্ৰকল্প সফল হয় তেন্তে ৰাছিয়াৰ এছ-৪০০ ক ছেৰ পেলাব।প্ৰকল্পটোত থাকিব ৩ টা ইন্টাৰচেপ্টৰ মিছাইল ক্ৰমে M1, M2 আৰু M3। এই ৩টা ক্ষেপণাস্ত্ৰই একেলগে এয়াৰ ডিফেন্স শ্বিল্ডৰ স্তৰ গঠন কৰিব।

এয়াৰ ডিফেন্স চিষ্টেমে শত্ৰুৰ বিমান, ড্ৰোন আৰু মিছাইলক লক্ষ্য কৰি ধ্বংস কৰিব।M1 ৰ ৰেঞ্জ হ’ব ১৫০ কিলোমিটাৰ,ইয়াৰ জৰিয়তে শত্ৰুক আগতেই ধ্বংশ কৰিব পাৰিব। M2 ৰ ৰেঞ্জ হ’ব প্ৰায় ২৫০ কিলোমিটাৰ।ইয়াৰ জৰিয়তে আকাশ মাৰ্গত উৰি থকা শত্ৰুৰ বিমান নিমিষতে ধ্বংশ কৰিব পাৰিব।M3 ৰ  ৰেঞ্জ ৩৫০ কিলোমিটাৰ।ইয়াৰ জৰিয়তে শত্ৰুক আকাশমাৰ্গৰ ভিতৰতে ভাৰতৰ সেনাবাহিনীয়ে আক্ৰমণ কৰিব পাৰিব। 

এই নতুন অস্ত্ৰত ১৫০০ কিলোমিটাৰ পৰ্যন্ত ট্ৰেকিং ক্ষমতা থকা এ আই ভিত্তিক প্ৰযুক্তি আৰু দীৰ্ঘ দূৰত্বৰ ৰাডাৰ অন্তৰ্ভুক্ত কৰা হ’ব।চুবুৰীয়া ৰাজ্যসমূহৰ শত্ৰুতা বৃদ্ধিৰ বাবে ভাৰতৰ এই শক্তিশালী পদক্ষেপ। S-400 তকৈয়ো শক্তিধৰ ৰাছিয়াৰে S-500ৰ দৰে শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণৰ বাবে যো-জা চলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *