আজি আই চিচি ৰ মহিলা বিশ্বকাপৰ প্ৰথমখন চেমি ফাইনেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হব । আজি বিয়লি ০৩বজাৰ পৰা আৰম্ভ হ’বলগীয়া খেল খনকলৈ বি চি চি আই আৰু অসম ক্ৰিকেট সন্থাই সুচাৰু ৰূপে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে দুয়োটা দল আহি উপস্থিত আছে গুৱাহাটীত । খেল খন উপভোগ কৰাৰ বাবে প্ৰৱেশ পত্ৰ মাচুল ১০০টকা ধাৰ্য্য কৰা হৈছে। যথেষ্ট দৰ্শক হোৱাৰ আশংকা কৰিছে আয়োজক সন্থাই । ০৩ বজাত আৰম্ভ হ’বলগীয়া খেল খনৰ বাবে কটকটীয়া নিৰাপত্তা বাহিনী বাহাল কৰিছে। উল্লেখযোগ্য যে ০৭ খন মেচ খেলি ইংলেণ্ডে ১১ আৰু দক্ষিণ আফ্ৰিকাই ১০পইণ্ট লাভ কৰিছে। আজি অনুষ্ঠিত হবলগীয়া মেচ খনক লৈ উৎকণ্ঠাৰে বাট চাই আছে ক্ৰিকেটপ্ৰেমী ৰাইজে কোনে প্ৰৱেশ কৰিব ফাইনেলত। কাইলৈ অনুষ্ঠিত হব দ্বিতীয় খন চেমি ফাইনেল ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া মাজত।
আজিৰ মেচত ইংলেণ্ডক ফেভাৰেট হিচাপে গণ্য কৰা হৈছে কিয়নো পূৰ্বৰ দুখন মেচৰ সোৱাদ বৰ্ষপাৰাত লৈ থৈছে ইংলেণ্ডে।আজি কেইবাগৰাকী স্পীনাৰ অন্তৰ্ভূক্ত কৰা সম্ভাৱনা আছে ইংলেণ্ডে। লীগ পৰ্যায়ত দুয়োখন খেলতেই দক্ষিণ আফ্ৰিকা পৰাজয় হোৱা কাৰণ আছিল স্পীন বলাৰ। ইংলেণ্ডৰ আটাই কেইগৰাকী খেলুৱৈ আজি সম্পূৰ্ণ ফৰ্মত থকা দেখা গৈছে ফাইনেলত প্ৰৱেশৰ লক্ষ্য ইংলেণ্ডে বান্ধি লৈছে