ৰাজ্য কঁপোৱা ধেমাজিৰ বোমা বিস্ফোৰণ, অন্তিম শুনানি উচ্চ ন্যায়ালয়ৰ

Share

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীৰ দিনাই হৈছিল ভয়াৱহ বোমা বিস্ফোৰণ। ধেমাজি মহাবিদ্যালয়ৰ পেৰেড স্থানত বহুতো লোক বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল গোট খাইছিল । পুৱা ৯ বাজি ৩০ মিনিটত সংঘটিত হোৱা এই বোমা বিস্ফোৰণ সংঘটিত হৈছিল ৰিমোট কন্ট্ৰ’লৰ সহায়ত । এই বোমা বিস্ফোৰণত ১০ টি শিশু আৰু ৩ গৰাকী মহিলাই প্ৰাণ হেৰুৱাব লগা হৈছিল । এই বোমা বিস্ফোৰণত সংযুক্ত অসম মুক্ত বাহিনী জড়িত থকা বুলি উল্লেখ কৰিছিল । আনহাতে, ২০০৯ চনৰ ১৩ ডিচেম্বৰত সংযুক্ত অসম মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ে ই-মেইল যোগে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে আৰু ৰাজহুৱা ভাৱে ক্ষমা খোজে ।

ইয়াৰ পিছতে, ২০১১ চনত আৰক্ষীয়ে ১৫ জন অভিযুক্তৰ শ্বাৰ্জশ্বীট দাখিল কৰে ।

২০১৯ চনৰ ২০ জুন তাৰিখে ধেমাজিৰ সত্ৰ ন্যায়ধীশৰ আদালতে বোমা বিস্ফোৰণৰ ৰায়দান দিয়ে আৰু ১৫ জন অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত কৰিছিল । ইয়াৰে ৮ জনৰ উপযুক্ত সাক্ষী প্ৰমাণ নথকাৰ বাবে ৰেহাই দিব লগা হৈছিল । মুহী সন্দিকৈ, যতিন দুৱাৰা, দীপাঞ্জলী গোঁহাই, লীলা গগৈ ওৰফে লীলা খানক যাৱতজীৱন কাৰাদণ্ড দিয়ে আৰু প্ৰশান্ত ভূঞা, হেমেন গগৈক চাৰি বছৰৰ কাৰাদণ্ড বিহিছিল ।

ইফালে, সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ধেমাজিৰ এই বোমা বিস্ফোৰণৰ ওপৰত অন্তিম শুনানি জাৰি কৰিব ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *