গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তভুৰ্ক্ত অসমৰ বিহু

Share

গৰু বিহুৰ দিনাই ঢোলৰ গুমগুমনিৰে মুখৰিত হব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম।  একেলগে কঁকাল ভাঙিব ৮ সহস্ৰাধিক নাচনীয়ে আৰু ঢোলেৰে  গুমগুমনি তুলিব ৩ সহস্ৰাধিক ঢুলীয়াই। বিশ্বব্যাপী বিহুক সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অসমৰ স্বাভিমানক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তভুৰ্ক্ত কৰাৰ এক প্ৰস্তুতি আৰম্ভ কৰিছে। এই লক্ষ্যৰে ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত একেলগে নাচিব ১১,১৪০ গৰাকী বিহুৱতী ঢুলীয়াই।

আজি জনতা ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি বিহুক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰস্তুতিৰ বিষয়ে বিস্তৃত ভাৱে সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই। সৰুসজাই ষ্টেডিয়ামৰ স্বাভিমানক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ এই প্ৰয়াসত সাক্ষী হবলৈ আমন্ত্ৰণ জনোৱা হব দেশৰ সকলো ৰাজ্যৰ ৰাজ্যপাল – মুখ্যমন্ত্ৰীৰ লগতে জি-২০ ৰ অন্তৰ্গত দেশসমূহৰ ৰাষ্ট্ৰদূত সকল আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান।

উল্লেখযোগ্য যে, এই অনুষ্ঠানত একেলগে নাচিব ৭,৭৯৮ গৰাকী নাচনী আৰু ৩,৩৪২ গৰাকী ঢুলীয়া। 

Leave a Reply

Your email address will not be published. Required fields are marked *