ছাদ্দাম হুছেইনন, ১ অক্টোৱৰঃ যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ধেমাজিত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। বৈঠকৰ পাছতে সংবাদ মেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত প্ৰথম বাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হয় যোৱাকালিৰ ধেমাজিৰ এই কেবিনেট বৈঠক।
নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী কেবিনেট বৈঠক অনুষ্ঠিত হব বঙাইগাঁৱত। ডিচেম্বৰত হাফলঙত অনুষ্ঠিত হব কেবিনেট বৈঠক। প্ৰতিমাহত দিছপুৰৰ বাহিৰত এখনকৈ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
কেবিনেটৰ সিদ্ধান্ত সমুহ…
(১) হিন্দুস্থান কাগজ কল নিগমলৈ ৭০০ কোটি টকাৰ পেকেজ।
(২) সদৌ অসম অ বি চি এছ’চিয়েচন অথবা মহকুমা OBC উন্নয়ন বৰ্ডৰ পৰিবৰ্তে সদৌ অসম মটক সন্মিলনক মটক সন্দৰ্ভত উপায়ুক্ত/ মহকুমাধিপতি স্বাক্ষৰিত OBC/MOBC প্ৰমাণপত্ৰ জাৰি কৰাৰ ক্ষেত্ৰত কতৃত্ব প্ৰদান কৰে।
(৩) সকলো সামাজিক সাহায্য আঁচনি চিলিংমুক্ত আৰু প্ৰতিমাহৰ ১০ তাৰিখৰ ভিতৰত পেঞ্চন জমা নিশ্চিতকৰণৰ হেতুকে ৰাষ্ট্ৰীয় বৃদ্ধ আৰু বিধৱা পেঞ্চন আঁচনিৰ পৰা পুঁজি মুকলি কৰাৰ ক্ষেত্ৰত চিলিং প্ৰত্যাহাৰ কৰিছে।
(৪) শিলচৰ আৰু ডিব্ৰুগড় পৌৰসভাক পৌৰনিগমলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়।
(৫) মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবদ ১৮শ কোটি টকা ঘোষণা।
(৬) ভাৰত চৰকাৰৰ দ্বাৰা ২৯ ছেপ্টেম্বৰ, ২০২০ ত অধিসুচিত সামাজিক সুৰক্ষা নীতিৰ আধাৰত অসম সামাজিক সুৰক্ষা নীতি ২০২১ প্ৰস্তুতকৰণৰ সিদ্ধান্ত লয়।
(৭) প্ৰতিবছৰে বানপানীয়ে বৃদ্ধস্ত কৰা ধেমাজি জিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুঠ ৪৩৩ কোটি টকাৰ পেকেজত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে।
(৮) চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৮৯ খন গাঁৱক লৈ এখন নতুন জনজাতীয় বেল্ট ” চিচিটেঙানি জনজাতীয় বেল্ট ” গঠন কৰিব।
( ৯) ভূমি স্থানান্তৰৰ ক্ষেত্ৰতো এক বিশেষ প্ৰতিবন্ধকতাৰ সিদ্ধান্ত লয় ।