দুৰ্গম আৰু সংবেদনশীল অঞ্চলত বসবাস কৰা স্থানীয় নাগৰিকক অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব চৰকাৰে

Share

বুধবাৰে এক অভূতপূৰ্ব ঘোষণাৰ জৰিয়তে ৰাজ্যৰ দুৰ্বল আৰু দুৰ্গম অঞ্চলত বাস কৰা খিলঞ্জীয়া নাগৰিকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। বিশেষ আঁচনিৰ অধীনত এই সুবিধা প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই পদক্ষেপৰ লক্ষ্য হৈছে সীমা অতিক্ৰম কৰি অনুপ্ৰৱেশ আৰু নিৰাপত্তাজনিত ভাবুকিৰ ক্ৰমবৰ্ধমান উদ্বেগৰ পৰিপ্ৰেক্ষিতত স্থানীয় জনগোষ্ঠীসমূহক নিজকে সুৰক্ষা প্ৰদানৰ বাবে সবলীকৰণ কৰা। ঘনত্ব কম আৰু চৰকাৰী উপস্থিতি সীমিত হোৱাৰ হেতুকে নিজকে সুৰক্ষিত কৰিবলৈ তেওঁলোকে আইনগতভাৱে অস্ত্ৰ আহৰণ কৰিব পাৰে। সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেৱল সীমান্ত জিলাই নহয় নগাঁৱৰ ধিং আৰু ৰূপহীৰ দৰে অঞ্চল, অথবা দক্ষিণ চালমাৰাৰ দৰে দুৰ্গম ঠাইবোৰেও যোগ্যতা অৰ্জন কৰিব। আনকি হাতীগাঁৱৰ দৰে গুৱাহাটীৰ ভিতৰত দুৰ্বল জ’নও থাকিব পাৰে। অসম আন্দোলনৰ দিনৰে পৰাই মানুহে এই দাবী উত্থাপন কৰি আহিছে। লগতে কয় যে ধুবুৰী, নগাঁও, মৰিগাঁও, আদি জিলাৰ যোগ্য খিলঞ্জীয়া বাসিন্দা। বৰপেটা, দক্ষিণ ছালমাৰা, আৰু গোৱালপাৰাক কঠোৰ পৰীক্ষণ নীতিৰ অধীনত অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে বিবেচনা কৰা হ’ব। চৰকাৰে কাৰো বাবে বন্দুক ক্ৰয় কৰা নাই, কেৱল যোগ্যতাৰ মাপকাঠী পূৰণ কৰাসকলকহে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে বুলি মন্তব্য দিয়ে।ইয়াৰ ভিতৰত আছে এজন মূল বাসিন্দা হোৱা, কোনো অপৰাধমূলক পটভূমি নথকা, আৰু কঠোৰ আৰক্ষী পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা। চূড়ান্ত অনুমোদন উপ আয়ুক্তই ভাৰতীয় অস্ত্ৰ আইন বিধি অনুসৰি প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে সীমান্তৱৰ্তী জনগোষ্ঠীসমূহে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া নিৰাপত্তাহীনতা দূৰ কৰাৰ দিশত এয়া এক সযতনে নিয়ন্ত্ৰিত পদক্ষেপ।

Leave a Reply

Your email address will not be published. Required fields are marked *