নৰেন্দ্ৰ মোডীৰ হাতত দেশৰ ভৱিষ্যত উজ্জ্বলঃ নীতিন গাডকাৰী

Share

কংগ্ৰেছত যোগদান কৰাতকৈ মৰি যোৱাই ভাল।কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী এই তীক্ষ্ণ আৰু বিতৰ্কিত মন্তব্য কৰিছে। কেৱল সেয়াই নহয় তেওঁক বহু কেইবাৰ কংগ্ৰেছত যোগদান কৰাৰো প্ৰস্তাৱ দিয়া হৈছিল।

কিন্ত তেওঁ সেয়া কথা কেতিয়াও ভবাই নাই। ইয়াৰ উপৰিও তেওঁ কয়, বিগত ৯ বছৰত নৰেন্দ্ৰ মোডী চৰকাৰে কংগ্ৰেছৰ ৬০ বছৰীয়া চৰকাৰক অতিক্ৰম কৰিছে। কিন্তু গাডকাৰীৰ এই মন্তব্যই এতিয়া তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে।

শুকুৰবাৰে মহাৰাষ্ট্ৰত ৯ বছৰীয়া বৰ্ষৰপূৰ্তি উপলক্ষে এখন জনসভাত বিজেপি চৰকাৰৰ অংশগ্ৰহণ কৰি তেওঁ ভাষণ প্ৰদান কৰিছিল। সেই ভাষণতেই তেওঁ এই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল। সভাত তেওঁ কংগ্ৰেছ নেতা শ্ৰীকান্ত জিছকৰৰ প্ৰসংগ উদ্দেশ্যে কয়, এবাৰ জিছকৰে তেওঁক কৈছিল যে, আপুনি বৰ ভাল নেতা। যদি কংগ্ৰেছত যোগদান কৰে ভৱিষ্যত উজ্জ্বল হ’ব।

ইয়াৰোপৰি তেওঁ কয়, মই এই প্ৰশ্নৰ উত্তৰত কওঁ, কংগ্ৰছেত যোগদান কৰাতকৈ কোঁৱাত জাপ দি মৰাই ভাল। ইয়াৰ কাৰণ ব্যাখ্যা কৰি কয়, তেওঁ বিজেপিৰ আদৰ্শত বিশ্বাসী কৰে। এই দলৰ হৈয়ে তেওঁ কাম কৰি যাবলৈ বিচাৰে।

তেওঁ এই ভাষণত বাৰে বাৰে কংগ্ৰেছক হাড় ভঙা দল বুলি কৈছিল। তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতত দেশৰ ভৱিষ্যত উজ্জ্বল বুলি দাবী কৰি বিগত ৯ বছৰত বিজেপি চৰকাৰে যি কৰিছে কংগ্ৰেছে ৬০ বছৰত তাৰ আধাও কৰিব পৰা নাই। তেওঁ দাবী কৰে বিজেপিৰ শাসনত উত্তৰ প্ৰদেশৰ ৰাজপথ এতিয়া আমেৰিকাৰ ৰাজপথৰ লগত তুলনা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *