অসম চৰকাৰে ২০২০ চনৰ ২ অক্টোবৰ তাৰিখে বিভিন্ন আচঁনিৰ লগতে উন্মোচিত কৰিছিল অৰুণোদয় আঁচনি।আঁচনিখনৰ লক্ষ্য আছিল অসমৰ মহিলাসকলক স্বাৱলম্বী কৰা,মহিলাসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণ কৰাৰ লগতে চিকিৎসা সম্বন্ধীয় খৰচৰ বাবে সহায় কৰা।তেতিয়াৰে পৰা প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী লাভাম্বিত হৈছে।চৰকাৰে নিৰ্দিষ্ট সময়ৰ অন্তৰালত অসমৰ মহিলাসকলক প্ৰদান কৰি আহিছে অৰুণোদয় আচঁনিৰ ধন।সময়ে সময়ে অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিও আহিছে।এইবাৰ অৰুণোদয় আঁচনিৰ ধন অহা ২০ ফেব্ৰুৱাৰীত ৮ হাজাৰকৈ প্ৰদান কৰাৰ কথা আছিল যদিও ১০ মাৰ্চতহে প্ৰদান কৰা হ’ব।৮ হাজাৰৰ পৰিৰ্ৱতে ধনৰাশিৰ পৰিমাণ এহেজাৰকৈ বৃদ্ধি কৰি মহিলাসকলক ৯,০০০ টকা প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।
ৰাজ্যৰ ৩৭ লাখতকৈ অধিক মহিলাই লাভ কৰিব এই ধন। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে – “ বাইদেউ,মহিলাসকলে ৰৈ আছে।২০ তাৰিখে মই ৮ হাজাৰ টকা,অৰুণোদয় দিম বুলি কৈছিলোঁ।২০ ফেব্ৰুৱাৰীত মই নিদিও,১০ মাৰ্চত দিম।কিন্তু ৮ হাজাৰ টকাৰ ঠাইত ৯ হাজাৰ টকা দিম।১০ মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়। ২০ ফেব্ৰুৱাৰীত যদি দি দিও,মহিলাসকলে ১০ মাৰ্চতো ভাবিব একো নাপাম।সেইকাৰণে একেলগে ১০ মাৰ্চত দিম।”