নাহৰৰ সুৱাসে সুঁৱৰাব জুবিন গাৰ্গক 

Share

প্ৰকৃতিৰ সৈতে একাত্ম হৈ থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে প্ৰায়ে কৈছিল-“নাহৰ নাহৰ  চিঞৰি থাকিলে নহ’ব, নাহৰ ৰুব লাগিব, য’ত নাহৰ থাকে তাতে মই থাকিম” । এয়া কেৱল জুবিন গাৰ্গৰ কথা নাছিল,জুবিন গাৰ্গে ভাল পাইছিল নাহৰ। সেই কথা আখৰে আখৰে পালন কৰিছে বহু অনুৰাগীয়ে।চিৰনিদ্ৰাত মগ্ন হৈ আছে জুবিন সোণাপুৰৰ সমাধিস্থলত।নিতৌ অনুৰাগীয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰেহি সমাধিস্থলত।তাৰ সমান্তৰাভৱে ২৮ তাৰিখে ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ আৰু বৃহত্তৰ সোণাপুৰ গাঁও সুৰক্ষা সমিতিৰ সহযোগত এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে।খানাপাৰাৰ পৰা টোপাতলীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নাহৰৰ পুলি ৰোপণ কৰি জুবিনৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যত আগবাঢ়িছে ডিমৰীয়াবাসী।গৰিমা শইকীয়া গাৰ্গে প্ৰথমটি নাহৰ ৰোপণ কৰি শুভাৰম্ভ কৰিলে মহান কাৰ্যসূচী।

জুবিন গাৰ্গৰ পত্নী তথা ভগ্নীয়ে জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই কান্দোনত ভাগি পৰে দুয়ো।সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে কয়-“জুবিনে কৈছিল য’তে নাহৰ গছ থাকিব তাতে জুবিন গাৰ্গ থাকিব।যিহেতু জুবিন সোণাপুৰ ডিমৰীয়াতে স্থায়ীভাৱে ৰাইজৰ মাজত থাকিব সেয়ে আমি ৰাইজৰ সৈতে আলোচনা কৰিছোঁ জুবিন ক্ষেত্ৰত জমা হোৱা নাহৰ পুলিসমূহ প্ৰণালীবদ্ধভাৱে ৰোপণ কৰাৰ।” কাৰ্যসূচী শেষ কৰি জুবিনৰ সমাধিৰ কাষতে কিছু সময় অতিবাহিত কৰে গৰিমা শইকীয়া গাৰ্গে।

Leave a Reply

Your email address will not be published. Required fields are marked *