আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া পুৱা ০৭ বজাৰ পৰা আৰম্ভ হয়,সন্ধিয়া ৬ বজাত এই ভোটদান সমাপ্ত হ’ব। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ ভাৱে অব্যাহত আছে। ২৪৩ খন আসনৰ ১২১খন আসনত মুঠ ১৩১৪ প্ৰাৰ্থীৰ হৈ ভোটদান অনুষ্ঠিত হৈছে । এই পৰ্যায়ত প্ৰায় ৩.৭৫ কোটিৰো অধিক ভোটাৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰিব।তথ্য অনূসৰি ১১ বজালৈকে ১৩.৩৩ শতাংশৰো অধিক ভোটদান সম্পন্ন হয়। পুৱাই কেইবাজনো জেষ্ঠ্য নেতাই ভোটদান কৰে । পাটনাত লালু প্ৰসাদৰ সৈতে পৰিয়ালৰ লোকে ভোটদান কৰে।গিৰিৰাজ সিং, লক্ষীচৰাইত বিজয় কুমাৰ সিনসা্ পাটনাত ৰাজীৱ ৰঞ্জন সিং এ ভোটদান কৰে। প্ৰায় ১০লাখৰো ন যুৱ ভোটাৰ অন্তৰ্ভূক্ত হৈছে। এই নিৰ্বাচনত NDA–ৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টি (BJP) আৰু জনতা দল (ইউনাইটেড) প্ৰতিযোগিতাত নামিছে, আনহাতে ৰাষ্ট্ৰীয় জনতা দল (RJD), কংগ্রেছ, আৰু অনান্য দলসমূহ একত্ৰিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই নিৰ্বাচনক NDA চৰকাৰৰ “কাৰ্য্যৰ প্ৰতিবেদন” হিচাপে অভিহিত কৰাৰ লগতে প্ৰথমে ভোটদান তাৰ পিছত জলপান লবলৈ আহবান জনাই । আনহাতে তেজস্বী যাদৱৰ নেতৃত্বত মহাগোটবন্ধনে “জনতাৰ পৰিবৰ্তনৰ যুদ্ধ” বুলি ঘোষণা কৰিছে। আনহাতে প্ৰশান্ত কিশোৰৰ নিৰ্দলীয় দল জন স্বৰাজৰো প্ৰভাৱ দেখা গৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু চূড়ান্ত ফলাফল ঘোষণা হ’ব নবেম্বৰ ১৪ তাৰিখে।