প্ৰকাশ পালে অসমৰ ২০২৩ চনৰ চূড়ান্ত ভোটাৰ তালিকা

Share

শুকুৰবাৰে অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তই  প্ৰকাশ কৰিলে ২০২৩ চনৰ ১২৬ টা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা।এই তালিকা অনুসৰি অসমৰ মুঠ ভোটাৰৰ সংখ্যা ২ কোটি ৪১ লাখ ১১ হেজাৰ ৭৪৩ জন। ইয়াৰে ১,২১,২৮,৫৪৩ গৰাকী পুৰুষ ভোটাৰ , ১,১৯,৮২,৮০৪ গৰাকী মহিলা আৰু ৩৯৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

প্ৰকাশিত ভোটাৰ তালিকা অনুসৰি ২০২৩ চনৰ ভোটাৰৰ জনসংখ্যাৰ অনুপাত ৬৩৮ আৰু লিংগ অনুপাত ৯৮৮ গৰাকী ।ইয়াৰ উপৰি তালিকাত অন্তৰ্ভুক্ত হোৱা ১৮ ৰ পৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে  ৪,০১৫৭১ গৰাকী , ৮০ বছৰৰ ঊৰ্দ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ৩,১১,০৩২ গৰাকী।২০২১ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা আছিল ২,৩৩,৭৪,০৮৭ গৰাকী আৰু বৰ্তমানৰ ভোটাৰৰ সংখ্যা হৈছে ২৪১১১৭৪৩ গৰাকী। লক্ষণীয় যে বিগত বিধানসভা নিৰ্বাচনৰ  সময়তকৈ ৭,৩৭,৬৫৬ জনলৈ বৃদ্ধি পাইছে বৰ্তমান ভোটাৰৰ সংখ্যা।

Leave a Reply

Your email address will not be published. Required fields are marked *