১৯৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব কাইলৈ, পৌৰ নিগম নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি

Share
ডিজিটেল ডেস্ক, ২১ এপ্ৰিলঃঅহা ২২ এপ্ৰিলত অনুষ্ঠিত হব গুৱাহাটী পৌৰ নিগম নিৰ্বাচন। মুঠ ৬০ টা ৱাৰ্ডত অনুষ্ঠিত হব এই নিৰ্বাচনী প্ৰক্ৰিয়া। ইতিমধ্যে শাসক বিৰোধী আৰু উভয় ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অন্ত পৰিল। পৌৰ নিগম নিৰ্বাচনত মুঠ ৬০ খন আসন আছে যদিও বিজেপিয়ে তিনিখন আসনত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে। আৰু ৫৭ খন আসনৰ বাবে শুক্ৰবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হব। আৰু ২৪ এপ্ৰিলত ভোটগননা কৰা হব।
পৌৰ নিগম নিৰ্বাচনত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে আৰু প্ৰায় ৭ লাখ ভোটাৰে  ভোটাধিকাৰ সাব্যস্ত কৰিব। শাসকদলৰ লগতে কংগ্ৰেছ, আপ, অজাপৰ লগতে অন্যান্য ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। লগতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ মন জয় কৰা চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আনফালে দিল্লীৰ আপৰ বিধায়িকা অতিশী মাৰ্লেনাই নিজ দলৰ হৈ বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *