উৎকট গৰমৰ প্ৰকোপত দহিছে সমগ্ৰ ৰাজ্য

Share

উৎকট গৰমৰ প্ৰকোপত দহিছে ৰাজ্যবাসী। গৰমৰ প্ৰকোপত ৰাজ্যত বৃদ্ধি পাইছে তাপমাত্ৰা । গছ – গছনি কাটি তহিলং কৰাৰ ফলত ৰাজ্যত বৰষুণৰ মাত্ৰা কমি যোৱাত বৃদ্ধি পাইছে তাপমাত্ৰা। যি এতিয়া ৰাজ্যবাসীৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। প্ৰখৰ ৰ’দ আৰু তাপমান অধিক হোৱাৰ বাবে হিট ষ্ট্ৰোক, মুৰ ঘূৰণী আদি হোৱাৰ ঘটনা পৰিলক্ষিত হৈছে। অসমত অত্যাধিক গৰমৰ ফলত বহুতো লোকৰ মৃত্যু হোৱাৰ ঘটনাও সংঘটিত হয়।

তেনে পৰিস্থিতিত অত্যাধিক গৰমৰ বাবে বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলো অসুবিধাত পৰিছে। উৎকট গৰমৰ বাবে বিদ্যালয়ত অসুবিধাৰ সন্মুখীন হৈছে কণ কণ ছাত্ৰ–ছাত্ৰীসকল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য সম্পৰ্কে বৰ্ধিত তাপমাত্ৰাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলা প্ৰশাসনে সকলো প্ৰতিষ্ঠানৰ শ্ৰেণীৰ সময় পুনৰ নিৰ্ধাৰণৰ এক নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাৰ তাৎক্ষণিক প্ৰভাৱৰ সৈতে পুৱা ৭:৩০ বজাৰ পৰা সকলো বিদ্যালয়ৰ শ্ৰেণীৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হয়। পুৱা ৭:৩০ বজাৰ পৰা ১২ বজালৈ পাঠদান কৰোৱা হ’ব বিদ্যালয়সমূহত। 

শেহতীয়াকৈ ৰাজ্যৰ নগাঁও, ধেমাজি, তেজপুৰ, গুৱাহাটীকে বিভিন্ন প্ৰান্তত উৎকট গৰমৰ তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত বহু কণমানি ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত অসুস্থ হৈ পৰে । গতিকে ৰাজ্যৰ জিলা প্ৰশাসনৰ দণ্ডাধীশৰ নিৰ্দেশানুক্ৰমে সকলো বিদ্যালয়ৰ সময়সূচী সলনি কৰা হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *