নিউজ ডেস্ক,২৭ অক্টোবৰঃ অসমবাসীৰ মহীৰূহ, বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতাল চিকিৎসাধীন হৈ আছিল প্ৰবীন অভিনেতা গৰাকী। আজি পুৱা ৯ঃ১৫ বজাত নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত অসমীয়া চলচ্চিত্ৰ আৰু সাংস্কৃতিক জগতৰ অন্যতম নক্ষত্ৰ স্বৰূপ নিপন গোস্বামীৰ দেহাৱসান ঘটে।
মৃত্যুৰ সময়ত অভিনেতা গৰাকীৰ বয়স আছিল ৭৫ বয়স বছৰ ৷ বিশিষ্ট অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী।উল্লেখ্য যে, অসমীয়া চলচ্চিত্ৰ জগতক ভিন্ন মাত্ৰা প্ৰদান কৰাৰ লগতে সমাজ জীৱনলৈও অতুচ্ছ অৱদান আগবঢ়োৱা মহান অভিনেতাজনৰ মৃত্যুত নেমকেয়াৰ হাস্পতাল পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।