নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভৰালী আৰু নাই

Share

 ৰাজ্যবাসীলৈ আন এক বেয়া খবৰ।নাগাৰা নামৰ একান্ত সাধক তথা ৰাজ্যবাসীৰ মৰমৰ শিল্পী ৰামচৰণ ভৰালী আৰু নাই। ৭ অক্টোবৰ নিশা ১২.২০ বজাত নলবাৰীৰ কুমাৰীকাটাৰ নিজ বাসগৃহত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। নাগাৰা নামৰ পাঠক ৰূপে খ্যাত ৰামচৰণ ভৰালীয়ে ১৯৬৭ চনত তেওঁ গাঁৱতে দুজন মান যুৱকক লৈ এটা নামৰ দল খুলিছিল। পিছলৈ এই দলটো ৰাজ্যখনৰ নাগাৰা নামৰ জগতত আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁ নাগাৰা নামৰ সংঘৰ সভাপতিও আছিল।

নাগাৰ নামৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁ “নাগাৰা নামৰ পাঠক” আৰু “নাগাৰা নামৰ সূৰ্য” বুলি জনা যায়। নাগাৰা নামৰ লগতে তেওঁ তালৰ অভূতপূৰ্ব কলাও দেখুৱাইছিল।তেওঁৰ নামত আছে নাগাৰা নামৰ প্ৰায় ৮৫ খন অডিঅ’ কেচেট, ৩০খন ভিডিঅ’ চিডি আৰু ছয়খন গ্ৰন্থ। ৰামচৰণ ভৰালীৰ নাগাৰা নামৰ এই যাত্ৰা বৰ সহজ নাছিল।কিন্তু তাৰ পাছতো তেওঁ নাগাৰা নামৰ ক্ষেত্ৰখনলৈ অৱদান দি গৈছিল। হেৰাই যাব ধৰা এই নামৰ সংস্কৃতিক তেওঁ নতুন ৰূপ প্ৰদান কৰিছিল। শিল্পীগৰাকীৰ আকস্মিক মৃত্যুয়ে এতিয়া তেওঁৰ পৰিয়াল তথা অনুৰাগীসকলক শোকস্তব্ধ কৰিছে। ৰামচৰণ ভৰালীৰ মৃত্যুত অসমৰ নাগাৰা নামৰ এটা যুগৰ অৱসান ঘটাৰ লগতে অসমৰ সাংস্কৃতিক জগতলৈ এক বৃহৎ ক্ষতি।

Leave a Reply

Your email address will not be published. Required fields are marked *