অসমৰ দুখন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচনী আয়োগৰ

Share

ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে অসমৰ দুখন আৰু তামিলনাডুৰ ৬খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে।এই আঠখন আসনৰ ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল জুন আৰু জুলাই মাহত শেষ হ’ব।অসমৰ দুখন আসনৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মিছন ৰঞ্জন দাসৰ কাৰ্যকাল অহা ১৪ জুনত সমাপ্ত হ’ব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে।একেদৰে তামিল নাডুৰ  একেদৰে তামিলনাডুৰ অনবুমণি ৰামাদোছ, এম শনমুগাম, এন চন্দ্ৰশেখৰণ, এম মহম্মদ আব্দুল্লা, পি উইলছন আৰু ভাইকোৱে ২৪ জুলাইত অৱসৰ গ্ৰহণ কৰিব ।

ECI-এ ঘোষণা কৰা সূচী অনুসৰি ১৯ জুনত ভোটগ্ৰহণ হ’ব।২ জুনত অধিসূচনা জাৰি কৰা হ’ব আৰু ইয়াৰ লগে লগে মনোনয়ন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৯ জুন।১০ জুনত পূৰণ কৰা মনোনয়ন প্ৰ-পত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা হ’ব।১২ জুনলৈকে প্ৰাৰ্থীসকলে নাম প্ৰত্যাহাৰ কৰিব পাৰিব।১৯ জুন বৃহস্পতিবাৰে ভোটগ্ৰহণ হ’ব।সেইদিনা সন্ধিয়া ভোটগণনা কৰা হ’ব। ২৩ জুনৰ পূৰ্বে এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

নিৰ্বাচন আয়োগে কয় যে- তেওঁলোকে নিৰ্দেশ দিছে যে বেলট পেপাৰত পচন্দসমূহ চিহ্নিত কৰাৰ উদ্দেশ্যে কেৱল ৰিটাৰ্নিং অফিচাৰে প্ৰদান কৰা পূৰ্বনিৰ্ধাৰিত নিৰ্দিষ্টকৰণৰ সংহত বেঙুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰা হ’ব।কোনো কাৰণতে নিৰ্বাচনত আন কোনো কলম ব্যৱহাৰ কৰা নহ’ব।

মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে পৰ্যবেক্ষক নিযুক্তি দি নিৰ্বাচনী প্ৰক্ৰিয়াৰ তীক্ষ্ণ নিৰীক্ষণৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে।নিৰ্বাচন আয়োগে কয় যে ECI-এ সময়ে সময়ে জাৰি কৰা বিস্তৃত ক’ভিড-১৯ গাইডলাইন, যিবোৰ ই চি আইৰ ৱেবছাইটত উপলব্ধ, সকলো ব্যক্তিয়ে, য’তেই প্ৰযোজ্য নহওক কিয়, সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ছোৱাত মানি চলিব লাগিব।

  

Leave a Reply

Your email address will not be published. Required fields are marked *