ভাৰতীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিলে আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ তাৰিখ

Share

ভাৰতীয় নিৰ্বাচন আয়োগে আজি ঘোঘণা কৰিলে আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনৰ তাৰিখ।১০ খন ৰাজ্যৰ খালী হ’বলগীয়া ৩৭ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ইতিমধ্যে ঘোষণা কৰিছে।১৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।ৰাজ্যসভাৰ ৩৭ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন।অহা ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব।আনহাতে ৫ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন বুলি ঘোষণা কৰিছে।পিছদিনাই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব।ইচ্ছুক প্ৰাৰ্থীসকলে ৯ মাৰ্চ পৰ্যন্ত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব।১৬ মাৰ্চত পুৱা ৯ বজাৰ পৰা ৪ বজালৈ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত বিয়লি ৫ বজাত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব।সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ২০ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্বাচনী আয়োগে নিৰ্দেশ দিছে।

অসম, মহাৰাষ্ট্ৰ, ওড়িশা, তামিলনাডু, পশ্চিম বংগ, বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু তেলেংগানাৰ পৰা নিৰ্বাচিত হোৱা ৩৭ জন সদস্যৰ কাৰ্যকাল অহা এপ্ৰিল মাহত অন্ত পৰিব।আনহাতে অসমৰ সাংসদ ভূৱনেশ্বৰ কলিতা,অজিত কুমাৰ ভূঞা,ৰামেশ্বৰ তেলীৰ কাৰ্যকাল অন্ত পৰিব।নিৰ্বাচনৰ দিনা ভোটাৰসকলে বেলট পেপাৰত পচন্দৰ চিহ্ন দিবলৈ ভোটাৰসকলে ভোটকেন্দ্ৰত থকা ৰিটাৰ্নিং অফিচাৰে যোগান ধৰা নিৰ্ধাৰিত বেঙুনীয়া ৰঙৰ স্কেটচ পেনহে ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰিছে।বেলেগ কলম ব্যৱহাৰ কৰিলে সেই ভোট অবৈধ বুলি গণ্য কৰা হ’ব।ঠায়ে ঠায়ে এতিয়া সাজু হৈছে সকলো ৰাজ্যসভা নিৰ্বাচনৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *