ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়লৈ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা

Share

শিক্ষা বিভাগৰ ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়লৈ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰী মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহে পুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ কৰিব লাগিব পাঠদান।

ইয়াৰ উপৰি সপ্তাহত ৪০ ঘন্টা কাম কৰাৰ লগতে দিনৰ ১ বজাৰ পৰা ২ বজালৈ টিফিনৰ সময় নিৰ্ধাৰণ কৰিছে শিক্ষা বিভাগে। আভ্যন্তৰীণ মূল্যায়ণৰ পৰীক্ষাৰ ফলাফলসমূহ এসপ্তাহৰ ভিতৰতে ঘোষণা কৰিব লাগিব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে।

সমান্তৰালভাৱে ১৫ দিনৰ ভিতৰতে জমা দিব লাগিব ষাণ্মাসিকৰ পৰীক্ষাৰ বহীসমূহ লগতে প্ৰতিখন মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ে এমাহৰ ভিতৰতে ঘোষণা কৰিব লাগিব পৰীক্ষাৰ ফলাফলসমূহ।

শিক্ষাবিভাগে নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি অধ্যাপকে জুন আৰু ডিচেম্বৰ মাহত পৰীক্ষাৰ কামত জড়িত হ’ব লাগিব তাৰ লগতে বাকী থকা সময়ত শিক্ষাৰ্থীক লগত লৈ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰিব লাগিব।

উল্লেখ যে, এই নিৰ্দেশ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পালন কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *