প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰীলংকা ভ্ৰমণৰ পাছতেই মুকৰি কৰি দিয়া হ‘ল ১৪ গৰাকী ভাৰতীয় মাছমৰীয়াক। সৌহাৰ্দ্যমূলক পদক্ষেপৰ অংশ হিচাপে দ্বীপ ৰাষ্ট্ৰখনে ২০২৫ বৰ্ষৰ আৰম্ভণিৰ পৰা শ্ৰীলংকা বাহিনীয়ে গ্ৰেপ্তাৰ কৰা ১৪ গৰাকী মাছমৰীয়াৰ মুকলি কৰি দিয়ে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকী শনিবাৰে দ্বীপ ৰাষ্ট্ৰখনত উপস্থিত হৈ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কৰ সৈতে ভাৰতীয় মাছমৰীয়াৰ প্ৰসংগত বিসদভাৱে আলোচনাত মিলিত হৈছিল।
যৌথ সংবাদমেলত ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘আমি মাছমৰীয়াৰ বিষয়ত আলোচনা কৰিছো। এই বিষয়ত আমি মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়ি যাব লাগে বুলি একমত হৈছো।‘
উল্লেখ্য যে, ২০২৫ চনৰ আৰম্ভণিৰে পৰা ১১৯ জন ভাৰতীয় মাছমৰীয়া আৰু ১৬ খন মাছমৰীয়া নাও শ্ৰীলংকাৰ ন বাহিনীয়ে বন্দী কৰি ৰাখিছিল। যাৰ ফলস্বৰূপে উপকূলীয় জনগোষ্ঠীসমূহৰ মাজত উদ্বেদ বৃদ্ধি পাইছে। ইয়াৰ লগতে চৰকাৰী পক্ষক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ বাবে বাৰে আবেদন জনাই আহিছে।
প্ৰধানমন্ত্ৰী মোডী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা দিশানায়কৰ আলোচনাৰ অন্তত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, ‘আমাক জনোৱা হৈছে যে শ্ৰীলংকা কৰ্তৃপক্ষই ১১ জন মাছমৰীয়াক তৎক্ষণাত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে আৰু হয়তো অনাগত দিনত আৰু কিছু মাছমৰীয়াক মুকলি কৰি দিয়া হ’ব।’