ডিজিটেল ডেস্কঃ নলবাৰীত অধ্যাপিকা ড° ৰুমী কাকতিৰ মৃত্যুৰ নতুন মোৰ৷ অধ্যাপিকাগৰাকীৰ মৃত্যুৰ তদন্ত বিচাৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কাষ চাপিছে আৰক্ষী আৰু জিলা প্ৰশাসনৰ৷ নলবাৰী জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তক সুকীয়া সুকীয়াকৈ সাক্ষাৎ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷ অমায়িক অধ্যাপিকাগৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি সুকীয়া সুকীয়াকৈ আবেদন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷ বৰ্তমানো ৰহস্যৰ আৱৰ্তত সোমাই আছে অধ্যাপিকা ড° ৰুমী কাকতিৰ মৃত্যু৷ আওপকীয়াকৈ অভিযোগৰ আঙুলি অধ্যাপিকা ড° ৰুমী কাকতিৰ স্বামী জয়ন্ত কলিতাৰ বিৰুদ্ধে৷
মাত্ৰ কিছুদিন পূৰ্বে নলবাৰীৰ আগশাৰীৰ নাৰ্ছিং হোম শুশ্ৰুষা মেডিকেলত প্ৰসৱ কৰাৰ এদিন পিছতে মৃত্যু হৈছিল অধ্যাপিকা ড° ৰুমী কাকতিৰ৷ স্বামী জয়ন্ত কলিতা সহিতে স্বামী পৰিয়ালৰ আত্মীয়ই অভিযোগ তুলিছিল চিকিৎসকৰ গাফিলতি আৰু ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতি অধ্যাপিকা ড° ৰুমী কাকতিয়ে মৃত্যুক আঁকোৱালি লোৱা বুলি৷ কিন্তু দিন বাগৰাৰ লগে লগেই যেন নতুন মোৰ ল’বলৈ লৈছে অধ্যাপিকা ড° ৰুমী কাকতিৰ মৃত্যুৰ ৰহস্যই। প্ৰশ্ন উঠিছে যে দীৰ্ঘদিনে শাৰীৰিক–মানসিক আৰু আৰ্থিকভাৱে অত্যাচাৰ কৰা স্বামীয়ে অধ্যাপিকা গৰাকীৰ মৃতদেহটোৰ মৰোণোত্তৰ পৰীক্ষা কিয় নকৰিলে ? গোপনে কিয় স্বামীৰ তত্ত্বাৱধানত মাজনিশাই সৎকাৰ কৰা হ’ল অধ্যাপিকা ড° ৰুমী কাকতিৰ মৃতদেহ? উল্লেখযোগ্য যে নলবাৰীস্থিত কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আছিল ড° ৰুমী কাকতি৷