ফেচবুক লাইভযোগে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ফেচবুক লাইভযোগে টেট পৰীক্ষা আৰু অসম প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা চমুকৈ ADRE আদিৰ দৰে কেটবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি অহা জুন মাহৰ ১৫ তাৰিখৰ পৰা পৰ্যায় ক্ৰমে আৰম্ভ হ’ব ADREৰ স্কীল আৰু মৌখিক পৰীক্ষা। ড্ৰাইভিং টেষ্ট, ষ্টেনোগ্ৰাফাৰ-ইলেকট্ৰিয়ানৰ ব্যৱহাৰিক পৰীক্ষা, ৪ৰ্থ বৰ্গত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা। এই প্ৰক্ৰিয়া অহা জুন মাহৰ ভিতৰত শেষ কৰাৰ লক্ষ্য অসম চৰকাৰৰ।
আনহাতে ৫ জুনত ঘোষণা কৰা হ’ব স্নাতকোত্তৰ পদৰ শিক্ষকসকলৰ পৰীক্ষাৰ ফলাফল। ইয়াৰ পাছতে তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষণৰ কাম-কাজ সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।